বজাৰত হেতা ওপৰা, কেজি ২০০০ টকাঃ কিহক লৈ টনা-আজোৰা

বজাৰত হেতা ওপৰা, কেজি ২০০০ টকাঃ কিহক লৈ টনা-আজোৰা

ডিজিটেল সংবাদ, গুৱাহাটীঃ পৰাম্পৰাগতভাৱে ৰাজ্যবাসীয়ে উদযাপন কৰিছে ৰঙালী বিহু। গৰু বিহুৰে আৰম্ভ হৈছে ব'হাগৰ প্ৰথম দিনটো। মহানগৰীৰ বেলতলা বজাৰত গৰু বিহুৰ দিনা এক সামগ্ৰীৰ দাম প্ৰতিকেজিত ২০০০ টকালৈকে বৃদ্ধি পাইছে। পিছে ২০০০ টকাকৈ দিবলৈ গ্ৰাহক সাজু থকাৰ পিছতো অভাৱ ঘটিল ইয়াৰ।

পৰম্পৰা অনুসৰি উজনি অসমৰ বহু লোকে ব'হাগ বিহুত খায় আমৰলি পৰুৱাৰ টোপ। মহানগৰীতো এইহেন বিহুৰ বতৰত বেলতলা বজাৰত এইবিধ সামগ্ৰী বিচাৰি গ্ৰাহকে ভিৰ কৰিলে। জনগোষ্ঠীয় কেইগৰাকীমান মহিলাই বিকিবলৈ অনা আমৰলি টোপৰ মূল্য প্ৰতিকেজিত হ'লগৈ ২০০০ টকা।

সৌভাগ্যবান কেইজনমান গ্ৰাহকেহে পালে এইবিধ সামগ্ৰীৰ ভাগ। প্ৰতিকেজিত ২০০০ টকাকৈ দিবলৈ সাজু থাকিও বহুতে নাপালে আমৰলি টোপৰ ভাগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in