মৰিগাঁৱৰ বন্যাৰ্তৰ কাষত বিধায়িকা আঙুৰলতা ডেকা, বান বিধ্বস্ত অঞ্চল পৰিভ্ৰমন…

মৰিগাঁৱৰ বন্যাৰ্তৰ কাষত বিধায়িকা আঙুৰলতা ডেকা, বান বিধ্বস্ত অঞ্চল পৰিভ্ৰমন…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাওঁ জিলাৰ বিভিন্ন প্ৰান্তত বাৰিষাৰ বানে কাল ৰূপ ধাৰণ কৰিছে। জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে বৰলুইতৰ সুঁতি বিভিন্ন নদী উপনদীৰ বাঢ়নি পানীয়ে৷

সোমবাৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই মৰিগাঁও সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াৰ লগত চিকাৰবৰি ,বাখৰবৰিকে ধৰি কেইবাটাও অঞ্চলৰ বানবিধ্বস্ত ৰাইজৰ কাষত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

মৰিগাওঁ জিলা প্ৰশাসনে বানপীড়িতক কিদৰে বান সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীৰ লগত আলোচনাত মিলিত হয়৷ বানপীড়িত অঞ্চলত ৰাইজৰ খবৰ ল'বৰ বাবে পানী ভাঙি গৈ কেইবাটাও বান সাহাৰ্য শিবিৰত উপস্থিত হৈ পৰ্যাপ্ত ভাৱে সাহাৰ্য্য সামগ্ৰী লাভ কৰিছেনে নাই সেই বিষয়ে খবৰ লয়।

তদুপৰি বিধায়িকাগৰাকীয়ে কেইবাগৰাকীও বৃদ্ধা বন্যাৰ্তৰ স্বাস্থ্যৰ খবৰ লৈ উপস্থিত চৰকাৰী বিষয়া কৰ্মচাৰী সকলক বন্যাৰ্তৰ চিকিৎসা সেৱা নিয়মীয়া কৈ প্ৰদান কৰাৰ ওপৰতো বিধায়িকা আঙুৰলতাই গুৰুত্ব আৰোপ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in