মাৰ্ঘেৰিটাত জঘন্য কাণ্ডঃ এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ…

মাৰ্ঘেৰিটাত জঘন্য কাণ্ডঃ এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাত৷ এগৰাকী ১৩ বছৰীয়া কিশোৰী নিৰ্যাতনৰ বলি হ'ব লগা ঘটনাই চাঞ্চ্যলকৰ সৃষ্টি কৰিছে মাৰ্ঘেৰিটাত৷ প্ৰাপ্ত অভিযোগ অনুসৰি মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত মছজিদ পট্টীৰ নিবাসী আজগৰ আলী নামৰ এজন যুৱকে সমীপৰে এগৰাকী ১৩ বছৰীয়া কিশোৰীক এখন গাড়ীত বলপূৰ্বক ভাৱে উঠাই নি বলাৎকাৰ কৰাৰ অভিযোগ উঠিছে ৷ কিশোৰী গৰাকী দোকানলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ বুলি আহিছিল ৷ আৰু তাতেই আজগৰ আলী নামৰ যুৱকজনে কিশোৰী গৰাকীক ঘৰত নমাই দিয়াৰ যুক্তি পদৰ্শন কৰি বলপূৰ্বক ভাৱে নিজৰ গাড়ীত উঠাই আৰু নিৰ্জন এলেকাত গৈ ধৰ্ষনৰ অপচেষ্টা কৰে ৷

ইফালে, আজি কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে মাৰ্ঘেৰিটা থানাত ঘটনাৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে যুৱক জনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও পলাতক হৈ থকাৰ হেতুকে বৰ্ত্তমানেও কৰায়ত্ব কৰিব পৰা নাই অভিযুক্ত আজগৰ আলীক। অন্যহাতে বিবাহিত যুৱকজনৰ পৰিয়ালে তেনে কোনো অপকাৰ্য সংঘটিত হোৱা নাই বুলি ব্যক্ত কৰাৰ বিপৰীতে জেষ্ঠ ভাতৃ মইনুল হক তালুকদাৰে আজগৰ আলী আইনীভাৱে যদি দোষী সাব্যস্ত হয় তেন্তে পৰিয়ালৰ ক'ব লগীয়া নাথাকিব বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে, জেষ্ঠ ভাতৃ মইনুল হক তালুকদাৰ বৰ্তমান আমছুৰ সৈতে জড়িত নহয় ৷ সেয়েহে অযথা আমছুৰ নাম সাঙুৰি নল'বলৈ সকলোকে আহ্বান জনায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in