শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...

মাৰ্ঘেৰিটাত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি, VIDEO

204

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত লামা গাওঁস্থিত বুঢ়ীদিহিং নদীত চামচেশ ডাং নামৰ ৩৫ বছৰীয়া যুৱকৰ সলিল সমাধি ঘটে। সোমবাৰে বিয়লি সময়ত মাছ মাৰিবলৈ গৈ নদীত সলিল সমাধি ঘটে লামা গাৱঁৰ যুৱকজনৰ।

কাষতে মাছ মাৰি থকা কেইবাজন লোকেও এই দৃশ্য প্ৰত্যক্ষ কৰি উদ্ধাৰৰ চেষ্টা কৰে যদিও জীৱন্ত ৰূপত উদ্ধাৰ কৰিবলৈ সক্ষম নহয়। বহু সময়ৰ পাছত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় যুৱকজনক।

সমগ্ৰ অঞ্চলজুৰি যুৱকজনৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি শোকৰ ছা পৰা দেখিবলৈ পোৱা গৈছে। আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি