মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাৰ্ঘেৰিটা কয়লা চিণ্ডিকেটত জড়িত বুলি কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ বিৰুদ্ধে পুত্তলিকা দাহেৰে বিজেপিৰ উত্তাল প্ৰতিবাদ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাৰ্ঘেৰিটা কয়লা চিণ্ডিকেটত জড়িত  বুলি কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ বিৰুদ্ধে পুত্তলিকা দাহেৰে বিজেপিৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা লিডু জাগুন আৰু ইয়াৰ উপকন্ঠ অঞ্চলৰ বহুচৰ্চিত চোৰাং কয়লা বেহাক কেন্দ্ৰ কৰি শেহতীয়াকৈ শাসক আৰু নগাঁৱৰ কংগ্ৰেছী সাংসদ
প্ৰদ্যুৎ বৰদলৈৰ মাজত আৰম্ভ হৈছে অভিযোগ-প্ৰতি অভিযোগৰ বোকা চটিওৱা ৰাজনীতি। নগাওঁ লোকসভা সমষ্টিৰ সাংসদ তথা মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাৰ্ঘেৰিটা কয়লা চিণ্ডিকেটত জড়িত থকা বুলি মন্তব্য কৰাৰ পাছতে মাৰ্ঘেৰিটাত মঙলবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি নেতা কৰ্মী সকলে।

মাৰ্ঘেৰিটাৰ বাছ আস্থান সমীপত ৩৮ নং ৰাষ্টীয় ঘাইপথৰ কাষত গেৰুৱা দলটোৰ নেতা কৰ্মী সকলে সমবেত হৈ  হাতে-হাতে প্ৰদ্যুৎ বৰদলৈ মুৰ্দাবাদ, প্ৰদ্যুৎ বৰদলৈ জনজাতীয় নেতা হত্যাকাৰী, কয়লা চিণ্ডিকেটৰ নায়ক, নাৰী কেলংকাৰীত জড়িত আদি লিখা বিভিন্ন প্লে' কাৰ্ড লৈ প্ৰতিবাদত অংশ লোৱা লগতে বৰদলৈ বিৰুদ্ধে বিভিন্ন  শ্লোগান দি মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৰাৰ লগতে বৰদলৈৰ পুত্তলিকা দাহ কৰে।

প্ৰতিবাদকাৰী সকলে জনজাতীয় নেতা প্ৰসন্ন তুৰুং নিৰুদিষ্টত বৰদলৈৰ হাত থকা বুলি অভিযোগ কৰি তদন্তৰ দাবী জনায়। আনহাতে এই কয়লা চিণ্ডিকেটত একাংশ সাংবাদিকো জড়িত থকা বুলি মন্তব্য প্ৰকাশ কৰাক কেন্দ্ৰ কৰি জিলাখনৰ সাংবাদিক সকল ক্ষুন্ন হৈ পৰিছে। আৰু এই সম্পৰ্কে তথ্য সহকাৰে স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে। আনহাতে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক আৰু বৰ্তমানৰ নগাঁও লোকসভাৰ সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কয়লাৰ অবৈধ ছিণ্ডিকেটৰ সৈতে সাঙুৰাৰ লগতে তেওঁৰ ফোঁট লোৱাৰ আধ্যাত্মিক বিশ্বাসকো ইতিকিং সূচক মন্তব্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰ্ঘেৰিটা বিজেপি সদৰ মণ্ডল সমিতিয়ে।

এক প্ৰেছ বাৰ্তাৰ যোগে সদৰ মণ্ডল সমিতিয়ে উল্লেখ কৰে যে, মাৰ্ঘেৰিটা সমষ্টিৰ পৰা পলৰীয়া প্ৰদ্যুৎ বৰদলৈ প্ৰায়েই মেলে মিটিঙে নিজকে প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে জাহিৰ কৰি ফুৰা তেওঁৰ তথাকথিত উচ্চ শিক্ষাক লৈ সন্দেহ প্ৰকাশ কৰিছে। মাৰ্ঘেৰিটাত প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ ১৫ বছৰীয়া শাসন কালত মাৰ্ঘেৰিটা সমষ্টিত অবৈধ কয়লা খননৰ পৃষ্ঠপোষকতা কৰি ৰাষ্ট্ৰীয় সম্পদৰ অবৈধ লুণ্ঠনেৰে কলাধনৰ পাহাৰ গঢ়ি মাৰ্ঘেৰিটাৰ দৰে এটা বাণিজ্যিক সম্ভাৱনাময় সমষ্টিৰ সম্পূৰ্ণ অৰ্থ ব্যৱস্থাটোকেই কয়লাৰ অবৈধ বেহাৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিছিল।

প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিনিধিত্বৰ কালতেই তেওঁৰ ৰাজনৈতিক সাহৰ্য্যত বহু অবৈধ কুক কয়লাৰ ভাটা স্থাপন কৰোৱাই কয়লাৰ কলা সম্ৰাজ্য থিয় কৰোৱাইছিল বুিলও অভিযোগ কৰে। বৰ্তমান মুখ্যমন্ত্ৰী সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে কলা বেহা আৰু দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠুৰ স্থিতিৰ পৰিপেক্ষিতত মাৰ্ঘেৰিটাৰ ভগা ৰজা জনৰ কলা সাম্ৰজ্য ধ্বংসৰ দিশে গতি কৰাৰ দুখতেই বৰদলৈয়ে সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰী সোণোৱালৰ নাম কয়লাৰ ছিণ্ডিকেটৰ সৈতে সাঙুৰি প্ৰলাপ বকিছে বুলিও উল্লেখ কৰে প্ৰেছ বিবৃতিত।

বিজেপিৰ কৰ্মীসকলে মুখ্যমন্ত্ৰীক অপমানিত কৰিবলৈ প্ৰদ্যুৎ বৰদলৈয়ে অপচেষ্টা কৰা বুলি উল্লেখ কৰি বৰদলৈৰ বিৰুদ্ধে কঠোৰ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিবলৈ মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰিছে বুলি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছটোকাত উল্লেখ কৰিছে মাৰ্ঘেৰিটা বিজেপি সদৰ মণ্ডল সমিতিৰ সভাপতি, সম্পাদক ক্ৰমে ভাদেশ্বৰ মৰাণ আৰু ভৱেশ দত্তই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in