‘মানুহে মানুহৰ বাবে’ দৰং, অসমে গালে মানবতাৰ গান : অকলশৰীয়া আইতা তপেশ্বৰী ডেকাৰ ভগ্ন গৃহ কৰিলে মেৰামতি…

‘মানুহে মানুহৰ বাবে’ দৰং, অসমে গালে মানবতাৰ গান : অকলশৰীয়া আইতা তপেশ্বৰী ডেকাৰ ভগ্ন গৃহ কৰিলে মেৰামতি…

ডিজিটেল সংবাদ মঙলদৈঃ নিজৰ নিজৰ কৰ্মব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই মানুহৰ মাজত থাকি মানুহৰ বাবে কিছু কাম কৰাৰ মানসেৰে ২০২০ চনৰ ১১ অক্টোবৰত মঙলদৈৰ কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত গঠন হোৱা 'মানুহে মানুহৰ বাবে, দৰং, অসম'ৰ অনুষ্ঠানটোৱে শুকুৰবাৰে দৰং জিলাৰ জলজলী কামেইপাৰাত গালে মানৱতাৰ জয়গান। গাঁওখনৰ নিৱাসী, অকলশৰীয়া আইতা তপেশ্বৰী ডেকাৰ জৰাজীৰ্ণ গৃহটো মেৰামতি কৰি দিয়ে এই মানৱতাবাদী সংগঠনটোৱে।

জানিব পৰা মতে, দুৰ্ভাগ্যই লগ নেৰা তপেশ্বৰী ডেকা নামৰ আইতাজনীক এটাৰ পিছত এটাকৈ দুৰ্ঘটনাই জীৱনটো কোঙা কৰি পেলাইছে। আইতাগৰাকী এতিয়া খোজকাঢ়িব নোৱাৰে। বিচনাখনেই তেওঁৰ একমাত্ৰ আশ্ৰয়স্থল। শুই থাকি ঘৰৰ মুধচৰে নিশাৰ আকাশৰ তৰা গণি গণি তেওঁ পাৰ কৰিছিল সময়। ৭০ বছৰ বয়সীয়া আইতা জনীৰ স্বামী যোগেশ্বৰ ডেকা সাধাৰণ খেতি বাতি আৰু দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো চলাইছিল যদিও ১৯৯৫ চনত আইতাক নিঠৰুৱা কৰি চিৰদিনৰ বাবে গ'লগৈ অজান মুলুকলৈ।

ইয়াৰ পিছতে আইতাৰ জীৱনলৈ আৰু আহিল কাল অমানিশা। স্বামীক হেৰুৱাই দুটি এমা ডিমা সন্তানক ডাঙৰ দীঘল কৰিলে। ইয়াৰে একমাত্ৰ ছোৱালী চম্পাক বিয়া দিলে। কিন্তু তাইয়ো গাভৰু বয়সতে বিধবা হ'ল। বৰ্তমান তাই গিৰীয়েকৰ ঘৰতে দুটি সন্তানৰ স'তে বসবাস কৰে। আইতাৰ একমাত্ৰ পুত্ৰ নৰেন্দ্ৰ ডেকা বিশেষভাৱে সক্ষম। কিন্তু মাতৃক নিঠৰুৱা কৰি যোৱা ১৯ অক্টোবৰত পানীত পৰি নৰেন্দ্ৰৰো মৃত্যু হোৱাত আইতাগৰাকী হৈ পৰে অকলশৰীয়া। ইফালে চাৰি বছৰ আগতেই পৰি কঁকাল ভঙা এই আইতা গৰাকী খোজকাঢ়িব নোৱাৰে। বিচনাখনেই তেওঁৰ একমাত্ৰ সঙ্গী। বিবাহিতা ছোৱালী জনী আহি মাজে মাজে কিছু খাদ্য সামগ্ৰী দি যায়। ওচৰ চুবুৰীয়াই মাজে সময়ে কৰে সহায়।

এইদৰেই দিন অতিবাহিত কৰা এই আইতা গৰাকীৰ কাষত আজি মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে, দৰং, অসম'ৰ উপদেষ্টা মিনতি হাজৰিকা, সভাপতি আনোৱাৰ হুছেইন, উপসভাপতি এনি ভূঞা ডেকা, শেখৰ মজুমদাৰ, সম্পাদক গণেশ দত্ত, কোষাধ্যক্ষ ৰাতুল ডেকা, সদস্য হিতেশ হাজৰিকা, শশাংক হাজৰিকা, জিতুমণি চহৰীয়া, জিতুমণি হাজৰিকা, দিপ্তী চহৰীয়া, জয়প্ৰকাশ শৰ্মা ঠিয় হৈ আইতা গৰাকীৰ জৰাজীৰ্ণ ইন্দিৰা আৱাস যোজনাৰ গৃহটোৰ দুয়োখন চালিত নতুন টিন লগাই দিয়াৰ লগতে গৃহটো মেৰামতি কৰি দিয়ে। সংগঠনটোৰ এই কাৰ্যত সহযোগ কৰে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ খনিন দাস, জনাৰামচৌকাৰ যুৱ ব্যবসায়ী অৰূপ বৰুৱা, জলজলীৰ সমাজকৰ্মী জয়ন্ত ডেকা, বিদ্যাভাৰতী মহাবিদ্যালয়ৰ অধ্যাপক ডঃ দুলাল হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক বাসব চন্দ্ৰ ডেকা, মঙলদৈ জ্ঞান বিকাশ একাডেমীৰ সঞ্চালক কুশল কলিতা আদিয়ে।

উল্লেখ্য যে, জন্মলগ্নৰে পৰা মানুহে মানুহৰ বাবে, দৰং, অসমে দৰিদ্ৰ ৰোগীক চিকিৎসা কৰোৱা, ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ নামভৰ্তি কৰি কিতাপ পত্ৰ যোগান ধৰা, শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবৰ বাবে কম্বল, গৰম কাপোৰ বিতৰণ কৰা, সমাজলৈ বৰঙণি আগবঢ়োৱা বয়োজেষ্ঠ সকলৰ লগত অন্তৰঙ্গ আলাপ অনুষ্ঠিত কৰি দৰঙত এক নতুন জোঁৱাৰ তুলিবলৈ সক্ষম হৈছে এই সংগঠনটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in