এইবাৰ ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব মনমোহন সিঙ, ১৩ আগষ্টত দাখিল কৰিব মনোনয়ন

এইবাৰ ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব মনমোহন সিঙ, ১৩ আগষ্টত দাখিল কৰিব মনোনয়ন

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰূপে ১৩ আগষ্টত মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ড০ মনমোহন সিঙে। যোৱা ২৪ জুনত ৰাজস্থানৰ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ মদনলাল চাইনীৰ বিয়োগৰ পিছত খালী হৈ থকা আসনখনৰ বাবে অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে ইতিমধ্যে কংগ্ৰেছে ড০ সিঙৰ নাম ঘোষণা কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে তিনিবাৰকৈ অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল ড০ মনমোহন সিং। কিন্তু ২০১৯ৰ অসমৰ ৰাজ্যসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থাকে। ইয়াৰ পিছতে ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে কংগ্ৰেছ নেতৃত্বই জ্যেষ্ঠ নেতাগৰাকীৰ নাম ঘোষণা কৰে।

ইতিমধ্যে নিৰ্বাচন আয়োগে উপ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে। ৭ আগষ্টত নিৰ্বাচন আয়োগে জাৰি কৰা অধিসূচনা অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে ১৪ আগষ্ট। আনহাতে ২৬ আগষ্টত এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু একে দিনাই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব।

ইফালে ৰাজস্থানত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা থকালৈ চাই ৰাজ্যসভাৰ উপ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী ড০ মনমোহন সিং জয়ী হোৱাটো প্ৰায় নিশ্চিত বুলি কংগ্ৰেছে দাবী কৰিলেও আসনখন পূৰ্বে বিজেপিৰ দখলত থকাৰ বাবে প্ৰতিদ্বন্দ্বিতা তীব্ৰতৰ হোৱাৰ আশংকা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in