মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক…

মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত কালোৰ চৰৰ এগৰাকী কলেজীয়া ছাত্ৰীক বিয়াৰ প্ৰলোভনেৰে অপহৰণ কৰি হাৰিয়ানাত বিক্ৰী কৰা এটা নাৰী অপহৰণকাৰীক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়া ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

উল্লেখ্যযোগ্য যে, যোৱা ১০ অক্টোবৰৰ দিনা মানকাচৰৰ কালোৰচৰৰ গাঁৱৰ বাসিন্দা মজিবৰ সেখৰ জীয়েক তথা কলেজত অধ্যয়নৰত ছাত্ৰী গৰাকীক এটা নাৰী সৰবৰাহকাৰী চক্ৰই মোবাইল ফোনৰ জৰিয়তে প্ৰেমৰ জালত পেলাই বিয়াৰ প্ৰলোভন দি পলুৱাই লৈ যায় । অসম তথা পশ্চিমবংগ অতিক্ৰম কৰি একেবাৰে হাৰিয়ানা ৰাজ্যৰ নাৰীদেহ ব্যৱসায় চক্ৰৰ ওচৰত কলেজীয়া ছাত্ৰী গৰাকীক উক্ত নাৰী অপহৰণকাৰী চক্ৰটোই কেবালাখ টকাৰ বিনিময়ত বিক্ৰী কৰে।

কলেজীয়া ছাত্ৰী গৰাকী বিক্ৰী হোৱা বিষয়টো নিজে গোপনে জানিব পাৰি প্ৰায় এসপ্তাহ পাছত কৌশলেৰে পৰিয়ালৰ সৈতে মোবাইল ফোনত যোগাযোগ কৰে। ফলত হাৰিয়ানাত কৰ্মৰত ভাতৃ এগৰাকীৰ সহযোগত সেই ঠাইৰ পৰা পলাই ঘৰলৈ উভতি আহিবলৈ আহে যদিও নাৰী অপহৰণকাৰী চক্ৰটোক কৰায়ত্ত কৰিব পৰা নাছিল।

আনহাতে, এই ঘটনাৰ মাজতেই অপহৰকাৰী চক্ৰটোই আন এটা যুৱতীক অপহৰণ কৰাৰ কৌশল প্ৰস্তত কৰি পুনৰ পূৰ্বৰ অপহৃতা কলেজীয়া ছাত্ৰী গৰাকীৰ ঘৰৰ ওচৰতে থকা সম্পৰ্কীয় ভনীয়েক এগৰাকীক একে কৌশলেৰে ৰং নম্বৰত ফোন কৰি মোবাইলত প্ৰেমৰ প্ৰস্তাৱ দিয়ে। এই সম্পৰ্কে ছোৱালী জনীয়ে সতৰ্কতা অৱলম্বন কৰি পূৰ্বে অপহৰণ হোৱা কলেজীয়া ছাত্ৰী জনীক সবিশেষ অৱগত কৰায় ।

একেটা মোবাইল নম্বৰ আৰু কথা বতৰা শুনি অপহৃতা ছোৱালী জনীয়ে তাইক অপহৰণ কৰা নাৰী অপহৰণকাৰী বুলি নিশ্চিত হৈ অপহৰণকাৰীক আটক কৰাৰ পৰিকল্পনা কৰে। সেই মতেই মোবাইলত প্ৰেমৰ নাটক আৰম্ভ কৰি কৌশলেৰে ছোৱালীজনীয়ে অপহৰণকাৰী যুৱকটোক মানকাচৰৰ মিৰজুমলা মাজাৰৰ ওচৰলৈ মাতি আনে।

পূৰ্বে অপহৃত কলেজীয়া ছাত্ৰী গৰাকীক এইটো অপহৰণকাৰীয়েই অপহৰণ কৰাটো নিশ্চিত হৈ পৰিকল্পিত ভাবে জাল পাতি থোৱা ৰাইজৰ সহযোগত মিৰজুমলাৰ কাষতে থকা কামাখ্যা মন্দিৰৰ কাষৰ পৰা খেদি খেদি অপহৰণকাৰীটোক আটক কৰে। নাৰী দেহ চক্ৰৰ সদস্য তথা অপহৰণকাৰী টো মানকাচৰ থানাৰ অন্তৰ্গত সোনাপুৰৰ বেকাৰ ডোবা গাওঁৰ জহিৰুল ইছলামৰ পুত্ৰ আশ্ৰাফুল ইছলাম (২২) বুলি চিনাক্ত কৰা হৈছে ।

অপহৰণকাৰী গৰাকীক উপস্থিত ৰাইজে উত্তম-মাধ্যম দি মঙলবাৰ সন্ধিয়া মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক গতাই দিয়ে। আৰক্ষী অপহৰনকাৰীটোক আটক কৰি সোধা পোছাৰ পাছত ভাৰতীয় দণ্ডবিধিৰ ৩৬৬/৩৭০ ধাৰাৰ ৮২৯ /১৯ নম্বৰৰ গোচৰ ৰুজু কৰি বুধবাৰে দূপৰীয়া হাটশিঙিমাৰীৰ ন্যায়িক আদালতত হাজিৰ কৰাত আদালতে অপহৰণকাৰীটোক ধুবুৰী জেল হাজোতলৈ প্ৰেৰণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in