মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত আৰক্ষীৰ অভিযানঃ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট, মটৰ চাইকেলসহ গ্ৰেপ্তাৰ দুজন

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত আৰক্ষীৰ অভিযানঃ  বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট, মটৰ চাইকেলসহ গ্ৰেপ্তাৰ দুজন

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ঝালোৰচৰ গাঁৱত বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই দুটা টেবলেটৰ ব্যৱসায়ীক বৃহত পৰিমানৰ নিচা জাতীয় টেবলেট সহ গ্ৰেপ্তাৰ কৰাৰ লগতে এটা মটৰ চাইকেল জব্দ কৰে।

উল্লেখযোগ্য যে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটা যোৱা নিশা প্ৰায় ডেৰ বজাত এক গোপন সুত্ৰৰ আধাৰত ঝালোৰচৰ গাঁৱৰ ভাৰত-বাংলাদেশ সীমান্তৰ কাইটীয়া তাৰৰ বেৰৰ ওচৰত অভিযান চলায়।

আৰক্ষীৰ এই অভিযানৰ সময়ত দুই টেবলেট ব্যৱসায়ী মটৰ চাইকেলেৰে সীমান্তৰ ফালে গৈ থকা অৱস্থাত আৰক্ষীয়ে দুয়োক আটক কৰি তালাচী চলাই দুয়োৰ পৰা ৯০০ টা আৰ ছেভেন (R-7) নামৰ নিচা জাতীয় টেবলেট উদ্ধাৰ কৰি মটৰ চাইকেলটো জব্দ কৰে।

আৰক্ষীয়ে দুয়োক থানালৈ আনি মাৰাথন জেৰাৰ পাছত আজি দুয়োকে গ্ৰেপ্তাৰ কৰি বুলি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসে জানিবলৈ দিয়ে। গ্ৰেপ্তাৰ কৰা টেবলেট ব্যৱসায়ী দুটা হৈছে- মানকাচৰ থানা এলেকাৰ কুকুৰমাৰা বোৱালীয়া গাঁৱৰ প্ৰয়াত আনোৱাৰ আলীৰ পুত্ৰ মফিদুল ইছলাম ওৰফে ঘুডু (৩২) আৰু মানকাচৰৰ বেপাৰীপাৰা গাঁৱৰ আশ্ৰাফ আলীৰ পুত্ৰ নাছিৰ আবেদ ওৰফে মনু (৩৩) বুলি পৰিচয় পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in