মানকাচৰত আৰক্ষীৰ অভিযানঃ মহিলাসহ ৪ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

মানকাচৰত আৰক্ষীৰ অভিযানঃ মহিলাসহ ৪ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰৰ বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই মহিলা সহ চাৰি জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাস এক গোপন সূত্ৰৰ আধাৰত চলোৱা অভিযানৰ ফলত মহিলাসহ মুঠ ৪ গৰাকী ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।

বাংলাদেশ সীমান্তবৰ্তী মানকাচৰ থানা এলেকাৰ ২নং পুৱেৰ গাওঁৰ বিল্লাল খন্দকাৰৰ পুত্ৰ মাহমুদুল হাছেন খন্দকাৰ (২২), মানকাচৰৰ সৰকাৰ পাৰা নিউ মাৰ্কেটৰ আতাউৰ ৰহমানৰ পুত্ৰ জান মিয়া (৩৫), তেওঁৰে পত্নী চায়না বেগম (২৮) আৰু পলাতক ড্ৰাগছ সৰবাহকাৰী ছাব্বিৰ হুছেইনৰ পত্নী আকলিমা হুছেইন (৩০) ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আটাইকেইজনক মানকাচৰ থানাত আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলোৱাৰ পাছত হাটশিঙিমাৰী ন্যায়িক আদালতলৈ চাৰিওজনক প্ৰেৰণ কৰে। আদালতে চাৰিওজনক ধুবুৰী জেললৈ প্ৰেৰণ কৰা বুলি জনা গৈছে। ইফালে মানকাচৰ আৰক্ষীয়ে ছাব্বিৰ হুছেইন আৰু তেওঁৰ সহযোগী ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা Re-kuff চিৰাপ ১৩৮ বটল আৰু AkS Proimevan টেবলেট ১১৯৫ টা জব্দ কৰিবলৈ সক্ষম হয় ।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দাসে জানিবলৈ দিয়া মতে, দীৰ্ঘদিনৰ পৰা ধৃত সৰবৰাহকাৰী কেইজনে অসমৰ মানকাচৰ এলেকাৰ লগতে মেঘালয় তথা ভাৰত-বাংলাদেশ সীমান্তৰ মাজেৰে বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহ কৰি আহিছে। ঘটনাক লৈ মানকাচৰ আৰক্ষীয়ে নিজববীয়াকৈ এক গোচৰ ৰুজু কৰি ইয়াৰ সৈতে জড়িত অধীক লোকক কৰায়ত্বৰ বাবে তদন্ত চলাই আছে বুলি আৰক্ষী বিষয়াজনে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in