মেঘালয়ত অসমৰ ব্যৱসায়ী-চালকৰ মৃতদেহ উদ্ধাৰ, মানকাচৰত ৰাইজৰ প্ৰতিবাদ

মেঘালয়ত অসমৰ ব্যৱসায়ী-চালকৰ মৃতদেহ উদ্ধাৰ, মানকাচৰত ৰাইজৰ প্ৰতিবাদ

  • মানকাচৰৰ কুচনিমাৰাত ৰাইজৰ পথ অৱৰোধ।
  • মেঘালয়ত অপহৃত ব্যৱসায়ী/চালকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত বিক্ষোভ প্ৰদৰ্শন কৰি ৰাইজে অৱৰোধ কৰিলে পথ।
  • দেওবাৰে মানকাচৰৰ এগৰাকী গাড়ী চালকসহ দুই ব্যৱসায়ীক অপহৰণ কৰে গাৰো উগ্ৰপন্থীয়ে।
  • তাৰ পিছতে দুদিন পূৰ্বে এজনৰ মৃত্যুদেহ উদ্ধাৰ হৈছিল।
  • বৃহস্পতিবাৰে আন এজনৰ মৃত্যুদেহ উদ্ধাৰ হৈছিল।
  • তাৰ পাছতেই ৰাইজে উগ্ৰপন্থীৰ বিৰুদ্ধে অৱৰোধ কৰে পথ।
  • হাটশিঙিমাৰী মানকাচৰ গড়কাপ্তানি পথৰ কুচনীমাৰাত ৰাইজে বৰ্তমানেও অৱৰোধ কৰি আছে পথ।
  • এতিয়ালৈ জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসনৰ কোনো লোক ঘটনাস্থলীত উপস্থিত হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in