মানকাচৰৰ বানত নাও দুৰ্ঘটনা, নিহত ২ কিশোৰী, কথমপি প্ৰাণৰক্ষা ৮ জনৰ…

মানকাচৰৰ বানত নাও দুৰ্ঘটনা, নিহত ২ কিশোৰী, কথমপি প্ৰাণৰক্ষা ৮ জনৰ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ কাউয়াহাগী-দৰুৱা গাঁৱত শনিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত বানপানীৰ মাজত এখন টুলুঙা নাও দুর্ঘটনাগ্ৰস্ত হৈ দুটি কিশোৰী নিহত হয়। নাৱত থকা আন ৮ জন যাত্ৰীক মাছ মৰিয়াই কোনোমতে উদ্ধাৰ কৰাত প্ৰাণ ৰক্ষা পৰে।

উল্লেখযোগ্য যে, জিলাখনৰ সদৰ হাটছিঙিমাৰীৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগত থকা দৰুৱা গাঁৱৰ লগতে কালাপানী, মানকাচৰ অঞ্চল মেঘালয়ৰ গাৰো পাহাৰৰ পানীয়ে জলমগ্ন কৰি বানৰ সৃষ্টি কৰিছে। মেঘালয়ৰ এই গাৰো পাহাৰৰ পানীৰ ফলত ৰাইজে ঘৰৰ পৰা হাট বজাৰ বা অন্য যিকোনো ঠাইত যাবলৈ হলে টুলুঙা নাও ব্যৱহাৰ কৰিব লাগে। স্থানীয় এজন নাৱৰীয়া প্ৰতিজন লোকৰ ঘৰৰ পৰা এনে বানাক্ৰান্ত যাত্ৰীক ঘৰৰ পৰা আনি বজাৰলৈ নিয়াৰ বাবদ টকা উপাৰ্জন কৰে।

শনিবাৰে দিনৰ ১২ বজাত উক্ত নাওখন মুঠ ১০ গৰাকী যাত্ৰীসহ গাঁওখনৰ পৰা বজাৰলৈ গৈ আছিল। তেনে সময়ত কালো নদীৰ ধাৰত নাও খন নিয়ন্ত্ৰণ হেৰুৱাই দুর্ঘটনাগ্ৰস্ত হয়। নাওখন পানীৰ মাজত ডুব যায়। ফলত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিবেশ। কাষতে একাংশ মাছ মৰিয়াই মাছ ধৰি আছিল।

লগে লগে নাও, কল গছৰ ভূঁৰ আদি লৈ কোনোমতে পানীৰ মাজৰ পৰা ৮ জন যাত্ৰীক কোনোমতে উদ্ধাৰ কৰাত তেওঁলোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও নাওখনত থকা এটা পৰিয়ালৰ দুই কিশোৰী মৃত্যুমুখত পৰে। জানিব পৰা মতে, গাঁৱখনৰ জাইদুল ইছলামৰ কন্যা জানমণি বেগম (১৩) আৰু জমিৰুল ইছলামৰ কন্যা সন্তান জোসুফা বেগম (১১) বুলি দুয়োৰে পৰিচয় পোৱা গৈছে। জাইদুল আৰু জমিৰুল দুয়ো ভাই ককাই। এইদৰে একেটা পৰিয়ালৰ দুটি কিশোৰী মৃত্যু মুখত পৰা ঘটনাই অঞ্চল জুৰি গভীৰ শোকৰ ছাঁ পৰিছে।

ইফালে ঘটনাক লৈ ৰাইজে বিষয়টো মানকাচৰ আৰক্ষীক অৱগত কৰাৰ লগতে আমাৰ সাংবাদিক গৰাকী নিজে জিলা উপায়ুক্তক অৱগত কৰে। অথচ আৰক্ষী ঘটনাস্থলীত অতি পলমকৈ অহাৰ লগতে জিলা উপায়ুক্ত অতিকা চুলতানা কয় যে মানকাচৰৰ সেই অঞ্চলত বান পানী নাই, তাৰ পাছতো দুজন কিশোৰী মৃত্যু মুখত পৰিছে গতিকে চক্ৰ বিষয়া আৰু আৰক্ষীক অৱগত কৰি মৰণোত্তৰ পৰীক্ষা কৰিলেহে বানত মৃত্যু হোৱা কিশোৰী দুজনৰ পৰিয়ালে চৰকাৰী ক্ষতিপূৰণ পাব। অন্যথাই চৰকাৰী ক্ষতিপূৰণ নাপায় বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

এতিয়া প্ৰশ্ন হয় অসমৰ ভিতৰত অতিকৈ বেছি বানাক্ৰান্ত লোকৰ সংখ্যা হৈছে ধুবুৰী, দক্ষিণ শালমাৰা। এফালে ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীৰ হাহাকাৰ আনফালে মেঘালয়ৰ গাৰো পাহাৰৰ পানীয়ে প্ৰতিবছৰে শ শ গাঁও বুৰাই পেলাই বিভীষিকাৰ সৃষ্টি কৰে। ইমানৰ পাছতো জিলা প্ৰশাসনে কি যুক্তিত মানকাচৰত বানপানী হোৱা নাই বুলি কব পাৰে সেয়া অতিকৈ ৰহস্য জনক। আমি জিলা অতিৰিক্ত উপায়ুক্তৰ পৰা জানিব পৰা মতে জিলাখনত এনে বানৰ বিভীষিকাৰ সৃষ্টি হৈছে যদিও কাগজ পত্ৰত জিলাখনত এখনো চৰকাৰী শিবিৰ নাই। ইফালে চৰকাৰে শিবিৰত থকা লোকৰ বাবে কেতবোৰ আঁচনিৰ জৰিয়তে বান সাহায্য দিয়া বুলি দাবী কৰিছে। এই ক্ষেত্ৰত জিলাখনৰ কোনো এজনো লোক বান সাহায্য নাপাব নেকি তাক লৈ দল সংগঠনৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে।

ইফালে যোৱা তিনি বছৰ পূৰ্বে বান সাহায্য তথা মাটি ভেঁটি ঘৰ দুৱাৰ হেৰুওৱা লোকৰ বাবে জিলা প্ৰশাসনৰ পৰা পৰা ১ লাখ টকাৰ সাহায্য দিয়া হৈছিল। উক্ত সাহায্য বিতৰণৰ নামত জিলা প্ৰশাসনৰ একাংশ বিষয় ববীয়া তথা পঞ্চায়ত প্ৰতিনিধি আৰু বেংকৰ অধীনত থকা গ্ৰাহক সেৱা কেন্দ্ৰই গোপন মিতিৰালিৰে লাখ লাখ টকা আত্মহাত কৰাৰ অভিযোগ উঠি আহিছে। অভিযোগৰ ভিত্তিত ঘটনাটো চি বি আই তদন্তও দিয়া হৈছে। কিন্তু কি ৰহস্য জনক কাৰণত উক্ত চি বি আই তদন্ত বন্ধ হৈ আছে সেৱা অতিকৈ দুৰ্ভাগ্য জনক।

দল-সংগঠনে অভিযোগ কৰা মতে বানপানী আহিলে জিলা প্ৰশাসনৰ জয় জয় ময় ময় অৱস্থা হয়। কাৰণ বান সাহায্যৰ নামত বিতৰণ কৰা সামগ্ৰীৰ পৰা জিলা প্ৰশাসনে লাখ লাখ টকাৰ কমিচন লাভ কৰিব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in