উপাচাৰ্যৰ পদত্যাগৰ দাবীত মণিপুৰ বিশ্ববিদ্যালয়ত অচলাৱস্থা অব্যাহত

উপাচাৰ্যৰ পদত্যাগৰ দাবীত মণিপুৰ বিশ্ববিদ্যালয়ত অচলাৱস্থা অব্যাহত

ডিজিটেল সংবাদ, ইম্ফলঃ মণিপুৰ বিশ্ববিদ্যালয়ত এতিয়া বিৰাজ কৰিছে এক উত্তাল পৰিৱেশ। উপাচাৰ্য আদ্য প্ৰসাদ পাণ্ডেৰ পদত্যাগৰ দাবীত ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰী সন্থাই চলোৱা আন্দোলনৰ পৰিপ্ৰেক্ষিততে বিশ্ববিদ্যালয়খনত যোৱা ৩০ মে'ৰ পৰা দুই মাহৰো অধিক সময় ধৰি এনে অস্থিৰতাই বিৰাজ কৰিছে।

উল্লেখ্য যে, বিশ্ববিদ্যালয়খনত প্ৰায়ে অনুপস্থিত থকা উপাচাৰ্য আদ্য প্ৰসাদ পাণ্ডেৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ পুঁজি অপব্যয়ৰ লগতে ক্ষমতাৰ অপ-ব্যৱহাৰৰ লগতে আন বহু অভিযোগ উত্থাপন হৈ আহিছে। এনেস্থলত উপাচাৰ্যগৰাকীৰ পদত্যাগৰ দাবীত বিশ্ববিদ্যালখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰী সন্থাই তীব্ৰতৰ কৰি তুলিছে এই আন্দোলন।

ইফালে, শিক্ষক তথা ছাত্ৰ সমাজৰ এই দীৰ্ঘদিনীয়া আন্দোলনত বাধ্য হৈ এন বীৰেণ সিং নেতৃত্বাধীন ৰাজ্য চৰকাৰে উপাচাৰ্যগৰাকীক ছুটীত প্ৰেৰণৰ লগতে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ক অনুৰোধ জনাইছে। আনহাতে, উপাচাৰ্য পাণ্ডেৰ স্থানত সম্প্ৰতি বিশ্ববিদ্যালয়খনৰ জ্যেষ্ঠ অধ্যাপক ডব্লিউ, বিশ্বনাথক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব দিয়া হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী জয়কুমাৰ সিঙে।

সিঙে কয়- উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে উঠা অভিযোগৰ তদন্ত কৰিবলৈ ইতিমধ্যে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ক আৰ্জি জনোৱা হৈছে। এই বিষয়টোত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে এক উচিত তদন্ত আগবঢ়াব বুলি তেওঁ নিশ্চিত। ইফালে, আন্দোলনকাৰী ছাত্ৰ, শিক্ষক আৰু কৰ্মচাৰী সন্থাই বিচাৰিছে ইয়াৰ সঠিক তদন্ত হোৱাৰ।

আন্দোলনকাৰীসকলে এই বিষয়টোত কমিশ্যন অৱ এনকুৱেৰী এক্ট ১৯৫২ৰ অধীনত সঠিক উচ্চ পৰ্যায়ৰ এক স্বতন্ত্ৰ ন্যায়িক তদন্ত হোৱাটো বিচাৰিছে। লগতে এই কমিটিখনত থকা সদস্য উপাচাৰ্য পাণ্ডেৰ কোনো বন্ধু বা শুভাকাংশী হ'ব নালাগিব বুলিও সকীয়াই দিছে আন্দোলনকাৰীসকলে।

বিশ্ববিদ্যালয়খনত অব্যাহত থকা এই আন্দোলনে সোমবাৰে অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে। আন্দোলনৰ ফলত দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা বিশ্ববিদ্যালয়খনৰ সকলো শৈক্ষিক কাম-কাজ সোমবাৰে আৰম্ভ কৰাৰ পিছতে ক্ষুব্ধ হৈ পৰে আন্দোনলকাৰী ছাত্ৰ আৰু শিক্ষক সমাজ। ক্ষুব্ধ আন্দোলনকাৰীসকলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক কামত বাধা প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ আৰু লাঠিচালনা কৰিবলৈ বাধ্য হৈ পৰে। লাঠিচালনাৰ ফলত ৬গৰাকীকৈ প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হোৱাৰ বাতৰি পোৱা গৈছে।

উল্লেখ্য যে, বিশ্ববিদ্যালয়খনলৈ পূৰ্বৰ শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ বাবে অল ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়ন, মণিপুৰ, কুকি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন, অল নাগা ষ্টুডেণ্ট এছ'চিয়েশ্যনক ধৰি কেবাটাও ছাত্ৰ সংগঠনৰ আহ্বানত শনিবাৰে ইম্ফলত এখন যুটীয়া সভা অনুষ্ঠিত হৈছিল। উক্ত সভাত সোমবাৰৰ পৰা বিশ্ববিদ্যালয়খনত পুনৰ শৈক্ষিক পৰিৱেশ ঘূৰি নাহিলে আন্দোলন অধিক তীব্ৰতৰ কৰি তুলিব বুলি হুংকাৰ দিছিল জনজাতীয় ছাত্ৰ সংগঠনকেইটাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in