বিশ্বৰ সৰ্বাধিক উচ্চতাসম্পন্ন ৰে’লৰ দলং উত্তৰ-পূৱত

বিশ্বৰ সৰ্বাধিক উচ্চতাসম্পন্ন ৰে’লৰ দলং উত্তৰ-পূৱত

ডিজিটেল ডেস্কঃ উত্তৰ-পূৱ সীমান্ত ৰে'লৱে কৰ্তৃপক্ষ আগবাঢ়ি অভিলেখ গঢ়াৰ দিশে। বিশ্বৰ ভিতৰতে সৰ্বাধিক উচ্চতাসম্পন্ন এখন ৰে'ল দলঙৰ নিৰ্মাণকাৰ্য চলি আছে মণিপুৰত। উল্লেখ্য যে, উত্তৰ-পূব সীমান্ত ৰেল'ৱেৰ নিৰ্মাণ বিভাগৰ উদ্যোগত ৰাজ্যখনৰ ৰাজধানী ইম্ফলৰ সমীপৰ ননৈত ইজাই নদীৰ ওপৰত নিৰ্মাণকাৰ্য চলি আছে এই দলংখনৰ। মুঠ ১৪১ মিটাৰ উচ্চতাসম্পন্ন দলংখনৰ বাবে ইতিমধ্যে ১০০ মিটাৰ উচ্চতালৈ খুঁটা নিৰ্মাণৰ কাম হৈছে সম্পূৰ্ণ।

ৰে'লৱেৰ নিৰ্মাণ বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া চুচেন কুমাৰ ওজাই জানিবলৈ দিয়া মতে, শেহতীয়াা অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি থকা ৰে'লৰ দলংখন মুঠ ১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিৰিবাম-ইম্ফল-টুপুল নতুন ব্ৰডগজ ৰে'লপথ প্ৰকল্পৰ অধীনৰ। ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপে ঘোষণা কৰা ৭০৩ মিটাৰ দৈৰ্ঘ্যৰ ৰেলৰ দলংখনৰ কাম-কাজ বিগত তিনি বছৰৰ পৰা অধিক খৰতকীয়াকৈ কৰা হৈছে।

এই সমগ্ৰ প্ৰকল্পটোত সৰ্বমুঠ ৪৬টা সুৰংগ থাকিব, য'ত ১২ নং সুৰংগটোৰ দৈৰ্ঘ্য হ'ব ১০.২৮০ মিটাৰ। এই প্ৰকল্পটোৰ মুখ্য অভিযন্তা এ সাইবাবাৰ তত্ত্বাৱধানত নিৰ্মাণ হৈ থকা দলংখনৰ নিৰ্মাণকাৰ্য সম্পন্ন হ'লে ইউৰোপৰ মন্টেনগ্ৰত থকা ১৩৯ মিটাৰ উচ্চতাসম্পন্ন মালাৰিজেকাৰ দলঙৰ অভিলেখ ভংগ কৰি এন এফ ৰেলৱেৰ নিৰ্মাণ বিভাগে বিশ্বৰ সৰ্বাধিক উচ্চতাৰ ৰেলৰ দলং নিৰ্মাণৰ এক কৃতিত্বৰ অধিকাৰী হ'ব পাৰিব বুলি চৰ্চা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in