মণিপুৰৰ কংগ্ৰেছ সভাপতিৰ পদত্যাগঃ ৮ বিধায়কসহ বিজেপিত যোগদানৰ চৰ্চা..

মণিপুৰৰ কংগ্ৰেছ সভাপতিৰ পদত্যাগঃ ৮ বিধায়কসহ বিজেপিত যোগদানৰ চৰ্চা..
  • মণিপুৰ কংগ্ৰেছত খহনীয়া।
  • ৰাজ্যখনৰ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কৰিলে পদত্যাগ।
  • ৰাজ্যখনৰ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি আছিল গোবিনদাস কণ্ঠৌজামে।
  • গবিনদাস কণ্ঠৌজামে মণিপুৰৰ বিষ্ণুপুৰ বিধানসভা সমষ্টিৰ পৰা ৬ বাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল।
  • পূৰ্বে মণিপুৰৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা গোবিনদাসক বিগত বৰ্ষৰ ডিচেম্বৰত কংগ্ৰেছ নেতৃ ছোনিয়া গান্ধীয়ে ৰাজ্যখনৰ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰিছিল।
  • পদত্যাগ কৰা নেতাজনে শীঘ্ৰে বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছে।
  • আনহাতে তেওঁৰ লগত ৮ গৰাকী কংগ্ৰেছ বিধায়কে দল ত্যাগ কৰি বিজেপত যোগদান কৰিব বুলি চৰ্চা চলিছে।
  • উল্লেখ্য যে ২০২২ চনৰ প্ৰথমভাগতে ৰাজ্যখনত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in