মণিপুৰৰ বিজেপি বিধায়কৰ পদ খাৰিজৰ ৰায় উচ্চ ন্যায়ালয়ৰ…

মণিপুৰৰ বিজেপি বিধায়কৰ পদ খাৰিজৰ ৰায় উচ্চ ন্যায়ালয়ৰ…

ডিজিটেল সংবাদ, ৱাখাঃ নিৰ্বাচনী মনোনয়ন পত্ৰত দিয়া ভুল তথ্যৰ এক গোচৰত মণিপুৰৰ উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি মণিপুৰ বিধানসভাৰ ১১ নং ৱাংখেই সমষ্টিৰ বিজেপিৰ বিধায়ক অকৰাম হেনৰী সিঙৰ বিধায়ক পদ খাৰিজ কৰিছে । ২০১৭ নিৰ্বাচনত কংগ্ৰেছৰ দল ত্যাগ কৰি বিজেপিৰ গেৰুৱা বসন পিন্ধা বিধায়ক অকৰাম হেনৰী সিঙে বৰ্তমান এন বীৰেন সিঙৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী আছিল ।

বৃহস্পতিবাৰে এক নিৰ্বাচনী আবেদনৰ ওপৰত ৰায়দান কৰি ন্যায়ধীশ এম ভি মুৰুলীধৰণৰ এজনীয়া বিচাৰপীঠে অকৰাম হেনৰী সিঙৰ বিধায়ক পদ বাতিল কৰি য়ুমখাম এৰাবট সিঙক ১৫ নং ৱাংখেই সমষ্টিৰ বিধায়ক হিচাপে ঘোষণা কৰে । মণিপুৰ উচ্চ ন্যায়ালয়ত য়ুমখাম এৰাবট সিঙে এই বুলি গোচৰ ৰুজু কৰিছিল যে বিজেপি বিধায়ক অকৰাম হেনৰী সিঙে ২০১৭ চনৰ তেওঁৰ নিৰ্বাচনী মনোনয়নৰ শপতনামাত শৈক্ষিক যোগ্যতা পূৰ্বৰ দ্বাদশ শ্ৰেণীৰ পৰিৱৰ্তে পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ স্নাতক উল্লেখ কৰাৰ ওপৰিও তেওঁৰ বিৰুদ্ধে থকা ড্ৰাগছৰ অপৰাধী গোচৰ আৰু পত্নীৰ নাম উল্লেখ কৰা নাছিল ।

উচ্চ ন্যায়ালয়ে অকৰাম হেনৰী সিঙে মনোনয়ন পত্ৰত শুদ্ধ তথ্য দিয়াত ব্যৰ্থ হোৱাৰ বাবে ১৯৫০ চনৰ জনপ্ৰতিনিধ আইনৰ অধীনৰ ১০০(১)(ডি) (আই) ধাৰাত ২০১৭ চনত ৱাংখেই সমষ্টিৰ পৰা নিৰ্বাচিত অকৰামৰ হেনৰী সিঙৰ বিধায়ক পদ বাতিল কৰে আৰু দ্বিতীয় স্থানত থকা য়ুমখাম এৰবট সিঙক বিধায়ক হিচাপে ঘোষণা কৰে । এই ৰায়দানৰ পিছত য়ুমখাম এৰাবট সিঙে মণিপুৰ বিধানসভা অধ্যক্ষৰ ওচৰত নিজৰ বিধায়ক পদৰ দাবী কৰিছে। মণিপুৰ উচ্চ ন্যায়ালয়ৰ এই ৰায়ত এন বীৰেন সিঙৰ নেতৃত্বতৰ বিজেপি চৰকাৰ পুনৰ মুখঠেকছা খায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in