মঙলদৈৰ ৫মহীয়া জিয়ানছৰ দেহত জটিল ৰোগঃ এটা বেজিৰ দাম ১৬কোটি…

মঙলদৈৰ ৫মহীয়া জিয়ানছৰ দেহত জটিল ৰোগঃ এটা বেজিৰ দাম ১৬কোটি…

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ শান্তিপুৰ নিবাসী ধ্ৰুৱজ্যোতি ডেকাৰ একমাত্ৰ ৫ মহীয়া দেৱ শিশুটিৰ গাত ধৰা পৰিছে এক মাৰাত্মক জটিল ৰোগ।পাচ মহীয়া শিশুটিৰ নাম জিয়ানছ জ্যোতি ডেকা। যিটো ৰোগ সাধাৰণতে একেবাৰেই কম শিশুৰ দেহত দেখা দিয়ে তেনে এটি ৰোগ ধৰা পৰিছে শিশু টোৰ শৰিৰত। অসমত এই ৰোগৰ কথা তেনেকৈ জনা নাযায়।

ৰোগ টো হৈছে Spinal Muscular Atrophy Type1 ৰোগ। শিশু টিৰ এই ৰোগটোৰ পৰা পৰিত্ৰাণ পাবলৈ Zolgensma নামৰ এটা বেজী দিব লাগে। শুনিলে আচৰিত হ'বলগীয়া যে এই বেজিটোৰ বাবে ব্যয় হব ১৬ কোটি টকা। যিটো বেজী পোৱা যায় কেৱলমাত্ৰ আমেৰিকাত। শিশু টিৰ এই ৰোগটোৰ পৰা আৰোগ্য কৰিবলৈ একমাত্ৰ Zolgensma নামৰ এই বেজীৰ প্ৰয়োজন।

জিয়ানছৰ জন্মৰ ডেৰ মাহ মান পিছৰে পৰা হাত ভৰি লৰচৰ বন্ধ হৈছিল। পিছত শিশুটিৰ পিতৃ মাতৃয়ে গুৱাহাটীৰ শিশু চিকিৎসক ডাঃ প্ৰাকৃতিশ বৰাৰ ওচৰলৈ লৈ গৈ সকলো কথা অৱগত কৰে। ডক্তৰৰ পৰামৰ্শ মতে শিশু টিৰ পৰীক্ষা নিৰীক্ষাৰ অন্তত শিশুটিয়ে SMA Type 1 ৰোগত ভুগি থকাৰ কথা পোহৰলৈ আহে। এই ৰোগৰ কথা চিকিৎসকৰ মুখেৰে গম পোৱাৰ পিছতে পৰিয়ালটোৰ মূৰত সৰগ ভাঙি পৰে। কাৰণএই ৰোগত আক্ৰান্ত হোৱা মানে প্ৰায় বেজীৰ দাম ১৬ কোটি আৰু আনুসংগিক প্ৰায় ২ কোটি মুঠ ১৮কোটি টকাৰ প্ৰয়োজন।

হঠাৎ ইমান পৰিমাণৰ টকা কেনেকৈ বহন কৰিব পৰিয়াটোৱে। পুত্ৰৰ চিকিৎসা ৰ চিন্তাত এতিয়া চকুৰ পানীৰে বাট নেদেখা হৈছে শিশুটিৰ পিতৃ মাতৃৰ লগতে আত্মীয় স্বজনে। ইফালে শিশুটিৰ ডেৰ বছৰ বয়সৰ ভিতৰত দিব লাগিব এই বেজী। হাতত সময় নিচেই কম। পাহাৰ সম ধন পৰিয়ালটোৱে সংগ্ৰহ কৰিব কেতিয়া। সেয়েহে জীয়াই ৰাখিবলৈ পৰিয়ালটোৱে বিচাৰিছে চৰকাৰ তথা ৰাইজৰ সহায়।

এই ক্ষেত্ৰত অসমৰ বহু ব্যক্তি তথা সংস্থাই শিশুটিক সামাজিক মাধ্যমৰ জৰিয়তে সহায় কৰিবলৈ  ইতিমধ্যে ৰাইজক আহ্বান জনাইছে। একাউণ্ট নম্বৰ 700701717164685
JIYANS JYOTI DEKA ।
ISFC CODE: YESBOCMSNOC
Phone no–7086325385.

বেংক একাউণ্ট নম্বৰৰ জৰিয়তে সহায় কৰক দুৰ্ভগীয়া পৰিয়ালটিক। শিশুটিৰ এই জটিল ৰোগত আক্ৰান্তৰ খবৰ পাই দুই এক হৃদয়বান লোকে পায্যমানে পৰিয়াল টিক আৰ্থিক সহায় আগবঢ়াইছে যদিও চিকিৎসাৰ খৰছ ৰ তুলনাত সি নগন্য সেয়েহে শিশুটিৰ চিকিৎসাৰ বাবে শিশুটিৰ পৰিয়ালৰ ফালৰপৰা লগতে মঙলদৈ বাসীয়ে হৃদয় বান লোক তথা অনুষ্ঠান প্ৰতিস্থানৰ সহায় সহযোগ কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in