মঙ্গলদৈ লোকসভা সমষ্টিক লৈ প্ৰতিটো দলৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ…

মঙ্গলদৈ লোকসভা সমষ্টিক লৈ প্ৰতিটো দলৰ নিৰ্বাচনী  কুচকাৱাজ আৰম্ভ…

ডিজিটেল সংবাদ, ওদালগুৰিঃ আগন্তুক লোকসভা নিৰ্বাচনৰ সময় ঘোষণাৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজতো বৃদ্ধি পাইছে তৎপৰতা। ইতিমধ্যে দলসমূহৰ ভিতৰি শিৱিৰসমূহতো চলিছে ব্যাপক নিৰ্বাচনী কুচকাৱাজ। ইয়াৰ মাজতে ৮ নম্বৰ মঙ্গলদৈ লোকসভা সমষ্টিটো দখলৰ বাবে প্ৰত্যেকটো দলৰ মাজতে নিৰ্বাচনী সমীকৰণ চলা দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে উক্ত মঙ্গলদৈ লোকসভা সমষ্টিটোৰ অধীনত আছে দহটাকৈ বিধানসভা সমষ্টি। ইয়াৰ ভিতৰত বিজেপিয়ে দখল কৰি আছে ৪টা, বিপিএফৰ দখলত আছে ৪টা লগতে কংগ্ৰেছ আৰু অগপে এটাকৈ বিধানসভা সমষ্টি দখল কৰি আছে। লোকসভা সমষ্টিটোৰ অধীনৰ ৫৭ নম্বৰ ৰঙিয়া বিধানসভা সমষ্টিত ভৱেশ কলিতা, ৫৯ নম্বৰ নলবাৰী বিধানসভা সমষ্টিত অশোক শৰ্মা, ৬৬ নম্বৰ ছিপাঝাৰ বিধানসভা সমষ্টিত বিনন্দ শইকীয়া, ৬৭ নম্বৰ মঙ্গলদৈ বিধানসভা সমষ্টিত গুৰুজ্যোতি দাসে বিজেপি দলটোৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰি আছে। ইয়াৰোপৰি ৬৪ নম্বৰ পানেৰী বিধানসভা সমষ্টিত কমলী বসুমতাৰী, ৬৫ নম্বৰ কলাইগাওঁ বিধানসভা সমষ্টিত মহেশ্বৰ বড়ো, ৬৯ নম্বৰ ওদালগুৰি বিধানসভা সমষ্টিত ৰিহন দৈমাৰী আৰু ৭০ নম্বৰ মাজবাট বিধানসভা সমষ্টিত চৰণ বড়োই বিপিএফ দলৰ হৈ প্ৰতিনিধিত্ব কৰি থকাৰ লগতে ৫৬ নম্বৰ কমলপুৰ বিধানসভা সমষ্টি অগপৰ সত্যব্ৰত কলিতা আৰু ৬৮ নম্বৰ দলগাওঁ বিধানসভা সমষ্টিটো কংগ্ৰেছৰ ইলিয়াছ আলীৰ দখলত আছে।

অন্যহাতে বিগত লোকসভা নিৰ্বাচনত বিজেপিৰ হৈ ৰমেন ডেকাই ৪,৮৬,৩৫৭টা ভোট মুঠ ভোটৰ ৩৯.৪৪% লাভ কৰি জয়ী হোৱাৰ বিপৰীতে বিজয়ী প্ৰাৰ্থীজনতকৈ ২২,৮৮৪ টা কমকৈ লাভ কৰি দ্বিতীয় স্থানত থমকি ৰ'বলগীয়া হৈছিল কংগ্ৰেছ দলৰ প্ৰাৰ্থী কিৰীপ চলিহা। অতি কম ভোটৰ ব্যৱধানত মঙ্গলদৈ লোকসভা সমষ্টিটো বিগত লোকসভা নিৰ্বাচনত হেৰুওৱাৰ পাছত এইবেলি সমষ্টিটো দখলৰ বাবে কংগ্ৰেছ দলটোৱে বিভিন্ন প্ৰকাৰে ভিতৰি অভিযান আৰম্ভ কৰাৰ কথা জানিব পৰা গৈছে।

দলটোৰ তিনিজনীয়া পেনেলত জয়নাথ শৰ্মা, দ্বীজেন শৰ্মা আৰু ৰুপাৰানী ভুঞাৰ নাম সন্নিবিস্ত হৈছে। তালিকাত নাথাকিলেও ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, প্ৰাণজিৎ চৌধুৰী, হেমপ্ৰভা দেৱী, মাধৱ ৰাজবংশীৰ নামো প্ৰাৰ্থীত্ব ৰ বাৱে উচ্ছাৰিত হৈছে। জানিব পৰা মতে কংগ্ৰেছৰ শীৰ্ষ মহলে ভুৱনেশ্বৰ কলিতাক মংগলদৈ সমষ্টিৰ বাৱে থিয় কৰাব বিছাৰিচে যদিও ৰাজ্যসভাৰ কাৰ্যকালৰ বাৱে এবছৰ বাকী থকা কলিতাই মন মেলা নাই লোকসভাত প্ৰতিদন্দিতাৰ বাৱে।তাৰ মাজতে আন প্ৰাৰ্থিত্ব প্ৰত্যাাশীয়ে সঘনাই কংগ্ৰেছৰ শীৰ্ষ মহলৰ সৈতে যোগাযোগ অব্যাহত ৰখা বুলি এক সূত্ৰই জানিবলৈ দিয়ে।

ইয়াৰ বিপৰীতে শাসকীয় বিজেপি দলটোৱেও নিজৰ অধীনত থকা লোকসভা সমষ্টিটো হেৰুৱাবলৈ বিচৰা নাই। বৰ্তমানৰ সাংসদ ৰমেন ডেকাই প্ৰাৰ্থীত্ব লাভৰ ক্ষেত্ৰত নিশ্চিত হৈ সমষ্টিটোত তৃতীয়বাৰৰ বাবে জয়ী হৈ হেট্ৰিক লাভৰ কথা সাংবাদিকৰ সন্মুখত প্ৰকাশ কৰিছে যদিও বিজিপি দলটোৰ ভিতৰচৰাত নতুন মুখৰ প্ৰাৰ্থী প্ৰদানৰ দাবী উত্থাপিত হৈছে। সেই অনুসৰি প্ৰাৰ্থীত্বৰ দৌৰত বিজেপি দলটোৰ হৈ উচ্চাৰিত হৈছে প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া, বিজেপি নেতা জয়ন্তমল্ল বৰুৱাৰ লগতে কেইবাজনৰো নাম।

শইকীয়াই ইতিমধ্যে লোকসভা সমষ্টিটোৰ বিভিন্ন প্ৰান্তত নিজৰ পৰিচয়ৰ বাবে ৰাজহুৱা সভা সমিতি অনুষ্ঠিত কৰাৰ বিপৰীতে সমষ্টিটোত জয়ন্তমল্ল বৰুৱাৰ নাই কোনো ভেটি। ইফালে উক্ত মঙ্গলদৈ সমষ্টিটোত আঞ্চলিক দল বিপিএফৰ স্থিতিৰ ওপৰতো যথেষ্ট নিৰ্ভৰ কৰিব। কিয়নো এই সমষ্টিটোৰ অন্তৰ্গত ওদালগুৰি জিলাখনৰ তিনিওটা বিধানসভা সমষ্টি আঞ্চলিক দল বিপিএফৰ দখলত আছে। ইয়াৰোপৰি বিটিচি পৰিষদীয় নিৰ্বাচনৰ অন্তৰ্গত ওদালগুৰি জিলাখনৰ দহটা সমষ্টিৰ ভিতৰত নটা সমষ্টিয়ে বিপিএফৰ দখলত আছে।

ফলত সমগ্ৰ ওদালগুৰি জিলাখনতে বিপিএফৰ এক সুকীয়া প্ৰাধান্য থকাটো স্বাভাৱিক। আনহাতে বিপিএফ দলটোৱে এইমূহুৰ্তলৈ মঙ্গলদৈ লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নে সেই বিষয়ে মুখ খোলাৰ পৰা বিৰত আছে যদিও অহা ৯ মাৰ্চ দলটোৱে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ কথা অৱগত কৰিছে। আনহাতে বিপিএফ দলৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কৈছিল যে মঙ্গলদৈ লোকসভা সমষ্টিত বিজেপিয়ে পুনৰ ৰমেন ডেকাক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে বিপিএফে সম্পূৰ্ণৰূপে সহায় কৰিব।

ইয়াৰ দ্বাৰা বিপিএফ নেতৃত্বই একপ্ৰকাৰ ৰমেন ডেকাক প্ৰাৰ্থীত্ব প্ৰদানৰ ইংগিত প্ৰদান কৰিছিল। এই ক্ষেত্ৰত বিজেপি দলটোৱে আঞ্চলিক দল বিপিএফৰ মতামতক নস্যাৎ কৰিলে শলঠেকত পৰাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত বিজেপি দলটোৱে শেষত মঙ্গলদৈ সমষ্টিটোৰ বাবে কাক প্ৰাৰ্থীত্ব প্ৰদান কৰে সেয়া হব লক্ষ্যণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in