দৰঙত পুত্ৰই এ বি ভি পিত জয়লাভৰ পিছতে কংগ্ৰেছ নেত্ৰী নুৰজাহান বেগমৰ দলত্যাগ…

দৰঙত পুত্ৰই এ বি ভি পিত জয়লাভৰ পিছতে কংগ্ৰেছ নেত্ৰী নুৰজাহান বেগমৰ দলত্যাগ…

ডিজিটেল সংবাদ মঙলদৈঃ ৰাজ্যত কংগ্রেছ দলৰ পৰা এজনৰ পিছত আন এজন বিধায়কে দল এৰি বিজেপিলৈ যোৱাৰ সময়তে দৰঙতো চলিছে কংগ্রেছ ত্যাগৰ জোৱাৰ। এই লৈ দলটোৰ প্রবীণ নেতা কৰ্মীসকল চিন্তিত হৈ পৰিছে । সম্প্রতি দৰং জিলা কংগ্রেছ কমিটীৰ ভিতৰচৰাত উঠিছে দলত্যাগৰ জোৱাৰ । শেহতীয়া ভাৱে দলটোৰ পশ্চিম মঙলদৈ মহিলা কংগ্রেছৰ সভানেত্রী তথা  প্ৰবীণ কংগ্রেছ নেত্রী নুৰজাহান বেগমে দলীয় কামকাজত অতিষ্ঠ হৈ কংগ্রেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা বুলি খবৰ ওলাইছে যদিও নিজ পুত্ৰই মঙলদৈ মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত এবিভিপি দলৰ পৰা জয়লাভ কৰাৰ পাছতে  মাতৃ নুৰজাহান বেগমে  কংগ্ৰেছ ত্যাগ কৰাটো লক্ষ্যণীয় হৈ পৰিছে ।

কংগ্রেছ নেত্রী গৰাকীয়ে পদত্যাগ পত্র মঙলদৈ সমষ্টিৰ কংগ্ৰেছী বিধায়ক বসন্ত দাস, দৰং জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী, দৰং জিলা কংগ্রেছৰ সভাপতি কামিনী ডেকা আৰু কাৰ্যকৰী সভাপতি চৰিফুল হকৰ হাতত পৃথকে পৃথকে প্রদান কৰে । ভূ-ৰখা সকলৰ মতে যিটো সময়ত কংগ্রেছ কৰা মানুহৰ সংখ্যা তেনেই তাকৰ হৈ পৰিছে সেই সময়ত কংগ্রেছ ত্যাগৰ এই ঘটনা মঙলদৈ সমষ্টি তথা জিলাখনৰ বাবে শুভ লক্ষণ নহয় বুলি বিবেচিত হৈছে ।

উল্লেখ্য যে নুৰজাহান বেগমৰ পুত্রই মঙলবাৰে হৈ যোৱা মঙলদৈ মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনত এবিভিপিৰ পৰা অৱতীৰ্ণ হৈ জয় লাভ কৰিবলৈ সক্ষম হৈছিল ।কংগ্ৰেছ নেত্ৰী গৰাকীৰ পুত্ৰৰ এই কাৰ্যত ক্ষুব্ধ হৈ পৰে একাংশ কংগ্রেছ নেতা-কৰ্মী । যাৰফলত  তীব্ৰ তুচ্চ-তাচ্ছিল্য আৰু ককৰ্থনাৰ সন্মুখীন হয় নুৰজাহান বেগম । প্ৰকৃততে এনে  অনাকাংক্ষিত ব্যৱহাৰত অতিষ্ঠ হৈয়ে কংগ্রেছ নেত্রী গৰাকীয়ে দলত্যাগ কৰিলে নে এই সুযোগতে আনদললৈ যোৱাৰ পথ প্ৰশস্ত কৰিলে সেইটোহে  চৰ্চাৰ বিষয় হৈ পৰিছে ।

আনহাতে কংগ্ৰেছ নেত্ৰী গৰাকীৰ এই কাৰ্যই ইতিমধ্যে দৰঙৰ কংগ্ৰেছী মহলত ব্যাপক চৰ্চা লাভ কৰিছে । শীঘ্রেই তেওঁ আনদলত যোগদান কৰাৰ সম্ভাৱনা আছে । লক্ষণীয় যে এইবেলি  মঙলদৈ মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত কংগ্রেছ দলৰ ছাত্র সংগঠন এন এচ ইউ আইৰ কোনো সমৰ্থিত প্রাৰ্থী দিবলৈ সক্ষম নহল । এইক্ষেত্ৰত মঙলদৈ সমষ্টিৰ বিধায়ক  তথা দৰং জিলাৰ  একমাত্র কংগ্রেছী বিধায়ক বসন্ত দাসে নেতা কৰ্মী সকলক ধৰি ৰাখিব নোৱাৰা বুলিও বিভিন্ন মহলত চৰ্চা চলিছে । 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in