মঙলদৈত আন্তজাৰ্তিক প্ৰতিবন্ধী দিৱস পালন…

মঙলদৈত আন্তজাৰ্তিক প্ৰতিবন্ধী দিৱস পালন…

ডিজিটেল সংবাদ, মঙলদৈঃ আজি ৩ ডিচেম্বৰ, আন্তজাৰ্তিক প্ৰতিবন্ধী দিৱস। মঙলদৈত কলাইগাওঁ শিক্ষাখণ্ডৰ উদ্যোগত মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত পালন কৰা হয় এই আন্তজাৰ্তিক প্ৰতিবন্ধী দিৱস। বিশেষ ভাৱে সক্ষম ছাত্ৰ ছাত্ৰী সকলক অনুপ্ৰেৰণা যোগাবলৈ আৰু আগবঢ়ায় নিবলৈ পালন কৰি আহিছে এই দিৱস।

আন্তজাৰ্তিক প্ৰতিবন্ধী দিৱস উপলক্ষে কলাইগাও শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয় সমূহৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ মাজত অনলাইন যোগে অনুস্থিত হোৱা সাহিত্য আৰু সাংস্কৃতিক বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী প্ৰায় 23 গৰাকী ছাত্ৰ ছাত্ৰীক ট্ৰফি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

কলাইগাওঁ শিক্ষা খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড বিষয়া তথা মিছন সমন্বয়ক সমৰেন্দ্ৰ চহৰীয়াৰ সভাপতিত্বত অনুস্থিত হোৱা মুকলি সভাত , ধনজিত ৰাজবংশী জিলা আঁচনি বিষয়া আই. ই. সমগ্ৰ শিক্ষা অভিযান দৰং , জোৱাহিৰা তাবাচ্চুম জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জলজলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডা: উজ্জ্বল জ্যোতি শৰ্মা উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in