মঙলদৈৰ চৰকাৰৰ চকত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩

মঙলদৈৰ চৰকাৰৰ চকত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩

ডিজিটেল সংবাদ, মঙলদৈঃ মঙ্গলবাৰে মঙলদৈৰ চৰকাৰৰ চকত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । এখন অটো ভান আৰু এখন অচিনাক্ত গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

অটো ভান খনত দিন হাজিৰা কৰি প্ৰায় বাৰ পোন্ধৰ গৰাকী পুৰুষ মহিলা ঘৰলৈ গৈ আছিল । সংঘৰ্ষত ধুলা থানাৰ অন্তৰ্গত আটাকাটা ৰ ৰফিকুল ইছলাম আৰু আমিনা বেগম নামৰ ২ জন যাত্ৰী থিতাতে নিহত আৰু ৮ জন আহত হয়।

নিহত দুজনৰ এজন পুৰুষ আৰু এগৰাকী মহিলা। আহত সকলক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । আহত কেইবাজনৰো অৱস্থা সংকটজনক। মঙলদৈ অসামৰিক চিকিৎসালয়ত আঘাত প্ৰাপ্ত চাইফুল ইছলাম ওৰফে মানফুল নামৰ আন এজন পুৰুষৰ মৃত্যু হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in