এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়…

এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়…

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত জলজলী কামেইপাৰাৰ এগৰাকী আইতাৰ কৰুণ কাহিনী। এটাৰ পিছত এটাকৈ দুৰ্ঘটনাই কোঙা কৰি পেলোৱা এই আইতা গৰাকী এতিয়া খোজকাঢ়িব নোৱাৰে। বিচনাখনেই তেওঁৰ একমাত্ৰ আশ্ৰয়স্থল। শুই থাকি ঘৰৰ মুধচৰে নিশাৰ আকাশৰ তৰা গণি গণি তেওঁ পাৰ কৰিছে জীৱন। দুৰ্ভাগ্যই লগ নেৰা এই আইতা গৰাকীৰ নাম তপেশ্বৰী ডেকা। বয়স তেওঁৰ প্ৰায় ৭০ বছৰ।

জানিব পৰা মতে, সাধাৰণ খেতি বাতি আৰু দিন হাজিৰা কৰা স্বামী যোগেশ্বৰ ডেকাক ১৯৯৫ চনত চিৰদিনৰ বাবে হেৰুৱাই নিঠৰুৱা হৈ পৰা তপেশ্বৰী ডেকাৰ জীৱনত এটাৰ পিছত এটাকৈ আহিব ধৰিলে দুৰ্ঘটনা। স্বামীক হেৰুৱাই দুটি এমা ডিমা সন্তানক ডাঙৰ দীঘল কৰি ইয়াৰে একমাত্ৰ ছোৱালী চম্পাক বিয়া দিলে যদিও তেওঁ গাভৰু বয়সতে পিন্ধিবলগীয়া হ'ল বগা সাজ। তেওঁ বৰ্তমান প্ৰয়াত গিৰীয়েকৰ ঘৰতে দুটি সন্তানৰ লগত বসবাস কৰে।

তপেশ্বৰী ডেকাই একমাত্ৰ পুত্ৰ বিশেষভাৱে সক্ষম নৰেন্দ্ৰ ডেকাৰ বহু বছৰ আগতেই চৰকাৰে দিয়া ইন্দিৰা আৱাস যোজনাৰ গৃহত বাস কৰিছিল যদিও যোৱা ১৯ অক্টোবৰত পানীত পৰি পুত্ৰ জনৰ মৃত্যু হোৱাত আইতা গৰাকী হৈ পৰে অকলশৰীয়া। চাৰি বছৰ আগতেই পৰি কঁকাল ভঙা এই আইতা গৰাকী খোজকাঢ়িব নোৱাৰে। বিচনাখনেই তেওঁৰ একমাত্ৰ সংগী হৈ পৰিছে। বিবাহিতা ছোৱালীজনী আহি মাজে মাজে কিছু খাদ্য সামগ্ৰী দি যায়। ওচৰ চুবুৰীয়াই মাজে সময়ে কৰে সহায়।

এইদৰেই দিন অতিবাহিত কৰা এই আইতা গৰাকীৰ কাষত বৃহস্পতিবাৰে থিয় হ'ল মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে—, দৰং, অসম'। সংগঠনটোৰ সাধাৰণ সম্পাদক গণেশ দত্ত, কোষাধ্যক্ষ ৰাতুল ডেকা, হিতেশ হাজৰিকা, শশাংক হাজৰিকা আদি। তেওঁলোকে আইতা গৰাকীক কিছু খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে শীতৰ প্ৰকোপত ৰক্ষা পৰাৰ বাবে প্ৰদান কৰে কম্বল। তদুপৰি আইতা গৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰতো সহায় কৰাৰ অঙ্গীকাৰ কৰে। অৱশ্যে আইতা গৰাকী বসবাস কৰা গৃহটোৰ টিনৰ চালিখন মেৰামতিৰ বাবে সদাশয় ৰাইজৰ সহযোগিতা কামনা কৰাৰ লগতে আইতাগৰাকীক সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰ ওচৰত আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in