মঙলদৈত ‘মানুহে মানুহৰ বাবে, দৰং, অসম’ৰ প্ৰথম বৰ্ষপূৰ্তি…

মঙলদৈত ‘মানুহে মানুহৰ বাবে, দৰং, অসম’ৰ প্ৰথম বৰ্ষপূৰ্তি…

ডিজিটেল সংবাদ, মঙলদৈঃ মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে, দৰং, অসম'ৰ প্ৰথম প্ৰতিষ্ঠা দিৱসটি অহা ৯ অক্টোবৰ, শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে গ্ৰীণ হাউচ মঙলদৈত অনুষ্ঠিত হ'ব। সংগঠনটোৰ কাৰ্যকৰী সভাপতি কুশল কলিতা, সম্পাদক গণেশ দত্ত আৰু গ্ৰীণ হাউচৰ কিৰিতি বৰাই জনোৱা মতে, উক্ত দিনা পুৱা ১০.৩০ বজাত সভাপতি আনোৱাৰ হুছেইনে পতাকা উত্তোলন কৰাৰ পিছতে উপদেষ্টা বাসব চন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলন, উপসভাপতি এনী ভূঞা ডেকাই মাল্যাৰ্পণ কৰিব। দিনৰ ১১ বজাত হ'বলগীয়া অন্তৰঙ্গ আলাপ, পত্ৰিকা উন্মোচন আৰু সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিজয় কুমাৰ শৰ্মাই।

দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়া, বিশিষ্ট সাহিত্যিক অমৰেন্দ্ৰ নাৰায়ণ দেৱ, বিশিষ্ট উদ্যোগপতি মুকুল চন্দ্ৰ ডেকা, অনুপম ডেকা, বিশিষ্ট শিল্পী অনুপম শইকীয়া সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।

বিশিষ্ট সাহিত্যিক ডাঃ ৰমাকান্ত বৰাই পত্ৰিকা উন্মোচন কৰিব। আনহাতে ৰক্তদানেৰে শত সহস্ৰ জনক জীৱনদান কৰি অহা 'ইউনিটি' এ ভলেণ্টিয়াৰী ব্লাড ড'নাৰ্চ এণ্ড চ'চিয়েল এক্টিভিষ্ট অৰ্গেনাইশ্যনক 'মানুহে মানুহৰ বাবে, দৰং, অসম'ৰ শ্ৰেষ্ঠ সমাজ সংগঠনৰ  বঁটা, বিশেষভাবে সক্ষম হৈয়ো ৬০ বাৰ ৰক্তদান কৰা গুৱাহাটীৰ মুনমুন দাসক কামেশ্বৰী বৰা সোঁৱৰণি বঁটা, দুয়োখন হাত নোহোৱাকৈ গেলামালৰ দোকান চলাই আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰা মঙলদৈ পুণিয়াৰ ৰাজীৱ শৰ্মালৈ চিন্তাৰাম বৰা সোঁৱৰণি উদ্যমিতা বঁটা আৰু ১২ বছৰত ১৫ বাৰ হাত ভৰি ভঙাৰ পিছতো বিচলিত নহৈ অধ্যয়নত মনোনিবেশ কৰা বেজপাৰাৰ দুগ্ধৰাম ডেকালৈ আগবঢ়োৱা হব 'জহুৰাণ' সোঁৱৰণি বঁটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in