মৌলানা মস্তোফা কামাল আজহাৰীক প্ৰত্যাহ্বান আহলে ছুন্নত ৱাল জামাতৰঃ ইছলামৰ তিনি শ্বৰীঅ’ত সিদ্ধান্তক প্ৰত্যাখ্যান

মৌলানা মস্তোফা কামাল আজহাৰীক প্ৰত্যাহ্বান আহলে ছুন্নত ৱাল জামাতৰঃ ইছলামৰ তিনি শ্বৰীঅ’ত সিদ্ধান্তক প্ৰত্যাখ্যান

ডিজিটেল সংবাদ মঙলদৈঃ উত্তৰ লখিমপুৰ নিবাসী মৌলানা মস্তোফা কামাল আজহাৰীয়ে সংবাদমেল যোগে ইছলামৰ তিনি শ্বৰীঅ'ত সিদ্ধান্ত, অসমৰ মৌলানা সমাজে বিপথগামী কৰা বুলি যি প্ৰচাৰ কৰিছে তাক পোনচাটেই প্ৰত্যাখ্যান কৰিছে অসমৰ বিভিন্ন মৌলানা তথা আহলে ছুন্নত ৱাল জামাতৰ বিজ্ঞ সমাজে৷এইক্ষেত্ৰত আহলে ছুন্নত ৱাল জামাতৰ চাৰিটা সংগঠন উলামা-ই-আহলে ছুন্নত কাউন্সিল, দৰং, জামাতে ৰাজা-ই-মুস্তাফা, দৰং, ছুন্নী উলামা কাউন্সিল, অসম আৰু অধ্যয়ন-গৱেষণা প্ৰতিষ্ঠান ৰাজা ফাউণ্ডেশ্যন, অসমে শুক্ৰ বাৰে মঙলদৈ প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে এই কথা সদৰী কৰে৷

সংবাদ মেলত মস্তোফা কামালে জনোৱা প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ কৰি সম্পূৰ্ণ নিয়ম অনুযায়ী তেওঁৰ লগত এইক্ষেত্ৰত তথ্যভিত্তিক মোকাবিলা কৰিবলৈ সাজু থকা বুলি প্ৰকাশ কৰে৷ সংবাদ মেলত উপস্থিত থকা চাৰি সংগঠনৰ বিষয়ববীয়াই মস্তোফা কামাললৈ নিম্নলিখিত চৰ্তসমূহ আৰু প্ৰশ্নসমূহ উত্থাপন কৰে৷
১/ মস্তোফা কামালে ইছলামৰ যি চাৰিটা মজহব- হানাফী, শ্বাফীয়ী, মালিকী আৰু হাম্বলী এই কেইটাৰ কোনটো অনুসৰণ কৰে ৰাজহুৱা কৰিব লাগিব৷
২/ নিজকে আজহাৰী বুলি পৰিচয় দিয়া মস্তোফা কামালে আহলে ছুন্নত ৱাল জামাআ'তৰ অনুসৰণকাৰী হয়নে নহয় ? যদি হয় তেন্তে আহলে ছুন্নত ৱাল জামাআ'তৰ বিশ্ব তথা ভাৰতৰ বিজ্ঞ আলিমসকলক অনুসৰণ কৰে নে নকৰে?
৩/ বিশ্ব মুছলমান কেৱল আজহাৰ বিশ্ববিদ্যালয়ৰ অধীনত চলিব লাগিব নেকি ? নিজকে গৱেষক বুলি ৰাইজৰ মাজত প্ৰতিষ্ঠিত হ'ব বিচৰা মস্তোফা কামালে ক'ৰপৰা গৱেষক হ'ল প্ৰমাণ পত্ৰ জাহিৰ কৰক আৰু কি বিষয়ৰ ওপৰত গৱেষণা কৰিছিল সেই কথা ৰাজহুৱা কৰক?
৪/ তেওঁ গৱেষণা কৰি শ্বৰীঅ'তৰ এই তিনি সিদ্ধান্ত যে ৰাইজৰ মাজত প্ৰচাৰ কৰিলে অসমৰ কোন কোন আলিমে স্বীকৃতি দি তেওঁৰ গৱেষণা পত্ৰত স্বাক্ষৰ কৰিলে তেওঁলোকৰ নাম ৰাজহুৱা কৰক?

ইছলাম ধৰ্ম কুৰান-হাদীচৰ বিধি বিধান মতে চলি আছে আৰু চলি থাকিব৷ তেওঁ যি ভিডিঅ' আকাৰে ন-ন কথাৰ উদ্ভাৱন কৰি আছে আৰু সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে তাকে নকৰি অসমৰ আলিম সমাজক বহুৱাই বিভ্ৰান্তিসমূহ সমূহীয়াভাৱে আঁতৰাই নিদিয়ে কিয়? তেওঁ কি উদ্দেশ্যে সামাজিক মাধ্যম ব্যৱহাৰ কৰিছে বুলিও ইছলামিক বিজ্ঞ ব্যক্তিসকলে প্ৰশ্ন কৰিছে।

মস্তোফা কামালে ইতিমধ্যে নিজৰ মত প্ৰকাশ কৰিছে যে অসমত বৰপীৰ চাহেব, খাজা মঈনুদ্দিন চিস্তী আৰু আ'লা হজৰতৰ ইছলাম নচলে, চলিব কেৱল নবীজীৰ ইছলাম৷ তেওঁৰ কথাত আমিও একমত হয়৷ বিশ্বৰ সকলোতে নবীজীৰ ইছলাম চলিব, অসমতো চলিব৷ ইছলামৰ ধ্বজ্জাবাহক বৰপীৰ চাহেব, খাজা মঈনুদ্দিন চিস্তী আৰু আ'লা হজৰত আ'লাইহিমুৰ ৰাহমাহৰ ইছলাম বেলেগ নেকি? অসমৰ মানুহে আজান পীৰ চাহেবক নামানিব নেকি? নে ভাৰতীয় সকলে খাজা মঈনুদ্দিন চিস্তী চাহেবক নামানিব? শেহতীয়াভাৱে তেওঁক অসমৰ আ'লা হজৰত, মোজাদ্দিদ বুলি তেওঁৰ অনুসৰণকাৰীয়ে সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰিছে৷ এইক্ষেত্ৰত আলিমসকলৰ মন্তব্য হ'ল এইবোৰ কৰি কৰি কাদীয়ানীৰ দৰে তেওঁ নবী দাবী নকৰিলেই হ'ল৷

তেওঁৰ তিনি শ্বৰীঅ'ত সিদ্ধান্ত সম্পৰ্কে তেওঁলোকৰ ক'বলগীয়া হ'ল- অসমৰ মুছলমান সমাজে জন্মদিন পালন কৰি আছে আৰু কৰি থাকিব৷ পিছে মস্তোফা কামালে যিদৰে জন্মদিন পালন কৰিব কৈছে সেইদৰে অসমৰ মুছলমানে নকৰে৷ তেখেতে কোৱাৰ দৰে কেকৰ চাৰিওফালে মমবাতি জ্বলাই, আতচবাজী কৰি পশ্চিমীয়া সংস্কৃতিৰে কেক কাটি জন্মদিন পালন কৰাটোত ইছলামে বিৰোধিতা কৰে৷ অসমৰ মুছলমানে হালাল খাদ্য খাই আছে আৰু খাই থাকিব৷ দাড়ি ইছলাম সমাজে ৰাখে, ই ইছলাম ধৰ্মৰ ৰীতি-নীতি সমূহৰ ভিতৰত অন্যতম৷ দাড়ি সম্পৰ্কত তেওঁৰ গৱেষণাই যি উত্তৰ দিছে সেই গৱেষণাৰ লগত এইসকল আলিম একমত নহয় ৷

আনহাতে লকডাউনৰ সময়ত মস্তোফা কামালে যিদৰে পৰিয়ালৰ পুৰুষসকলে মহিলাসকলৰ লগত একগোট হৈ নামাজ পঢ়াৰ কথা কৈছে সেয়া কেতিয়াও ইছলামৰ শ্বৰীঅ'ত বিধি নহয়৷ এই আটাইবোৰ কথা লৈ মস্তোফা কামালৰ লগত ক্বুৰআন, হাদীচ, ইজমায়ে উম্মত আৰু কিয়াচৰ মাধ্যমত মুকলি আলোচনা কৰিবলৈ সংগঠন প্ৰত্যহ্বান জনায়।

তেওঁলোকে কয়, প্ৰশাসনৰ অনুমতি আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক, আলোচনাৰ সময়ত সংবাদ মাধ্যমৰ ব্যৱস্থা ৰাখক৷সংবাদমেলত উপস্থিত থকা চাৰি সংগঠনৰ বিষয়ববীয়াসকল ক্ৰমে- মৌলানা আলহাজ আজিমুদ্দিন আহমেদ ৰেজৱী, মুফতী নবীউল হক ৰেজৱী, মুফতী ৱালিউদ্দিন আহমেদ মিশ্ববাহী, মুফতী মোজাহিদ আলী, মৌলানা আব্দুল হক ৰেজৱী, মৌলানা নাজিৰ হুছেইন ৰেজৱী, ফাইজুৰ ৰহমান চহৰীয়া, মুহাম্মদ ফাৰুক আব্দুল্লাহ নূৰী আৰু আজমল হুছেইন৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in