পুণৰ প্ৰাণ পাই উঠিব মঙলদৈৰ বেগা নৈ সহ ৰাজ্যৰ ১৫ খন নদ- নদী, জলাশয়

পুণৰ প্ৰাণ পাই উঠিব মঙলদৈৰ বেগা নৈ সহ ৰাজ্যৰ ১৫ খন নদ- নদী, জলাশয়

ডিজিটেল সংবাদ, মঙলদৈ : হিমালয়ৰ পাদদেশৰ পৰা কুলু কুলু সুৰেৰে বৈ আহিছে এখন নৈ। এই নৈখনে মঙলদৈ চহৰৰ হৃদপিণ্ডৰে বৈ গৈ মিলিত হৈছে মহাবাহু ব্ৰহ্মপুত্ৰত। এই নৈ খনৰ পাৰতে প্ৰখ্যাত শিল্পী জয়ন্ত হাজৰিকাই শৈশৱত উমলি জামলি অতিবাহিত কৰিছিল বহু সময়। আনকি সুধাকণ্ঠৰ ডঃ ভূপেন হাজৰিকাৰো নৈখন স'তে আছিল আত্মীয়তা। মঙলদৈৰ বহু ইতিহাসৰ সাক্ষী এই নৈখনৰ নাম 'বেগানৈ'।

কিন্তু আচৰিত হলেও সত্য যে, এই নৈখন বৰ্তমান পুতি গোন্দময় অৱস্থাত পৰিণত হৈ পৰিছে। মঙলদৈ চহৰৰ আবৰ্জনা পেলোৱাৰ ডাষ্টবিনত পৰিণত হৈছে বেগানৈ। আনকি চৰকাৰী একাংশ বিষয়াৰ আশীৰ্বাদত বেগানৈত হৈছে ব্যাপক বেদখল। নৈৰ বুকুত গঢ়ি উঠিছে বৃহৎ বৃহৎ অট্টালিকা। প্ৰশাসনেই হওক, ৰাইজৰ প্ৰতিনিধিয়েই হওক কাৰো নাই এইক্ষেত্ৰত কোনো গুৰুত্ব। আনকি নৈখনৰ ওপৰত হৈ থকা এনে অত্যাচাৰৰ বিষয়ে বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিয়ে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছে। নৈখন বেদখল মুক্ত কৰি পুণৰ পৰিস্কাৰ পৰিচন্ন ভাবে গঢ়ি তোলাৰ বাবে মাজে সময়ে দাবী উত্থাপিত হয় যদিও সেয়াও মুৰকত হয়গৈ ফুটুকাৰ ফেন।

বাৰিষাত পানীৰে উপচি পৰাত নৈখনৰ জাবৰ জোথৰ কিছু পৰিস্কাৰ হৈ পৰে যদিও খৰালি আকৌ হৈ পৰে কদৰ্যময়। মানৱৰূপী একাংশ দানৱে বেগানৈৰ ওপৰত চলাই অহা এনে অত্যাচাৰৰ অৱসান হোৱাৰ শেহতীয়াকৈ এক ইংগিত পোৱা গৈছে। জানিব পৰা মতে, অসমৰ মৃতপ্ৰায় নদ – নদী, জলাশয় পুনৰ জীৱিতকৰণত পদক্ষেপ গ্ৰহণ কৰিছে অসম বিজ্ঞান সমিতিৰ লগতে অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে। দুয়োটা অনুষ্ঠানে ৰাজ্যখনৰ সৰ্বমুঠ ১৫টা নদ-নদী তথা জলাশয়ৰ পৰা তিনিটাকৈ একোটা গ্ৰুপত লৈ মুঠ পাচঁটা প্ৰকল্প প্ৰস্তুত কৰি কাম কাজ আগবঢ়াই নিয়াৰ পৰিকল্পনা হাতত লৈছে। এই তালিকাত মঙলদৈৰ বেগানৈ স্থান পোৱা বতৰাই দৰং জিলাৰ সচেতন ৰাইজে আদৰণি জনাইছে।

প্ৰাপ্ত তথ্য মতে, ৰাজ্যখনৰ নদী – জলাশয় ক্ৰমে- পুনৈ ,পুষ্পভদ্ৰা, বেগানৈ, কলং, এৰা কপিলী, জয়সাগৰ দলনি, বৰচলা (ধিৰৈ নদী), মৰিদিক্ৰং, চাৰিকুৰীয়া নদী, গাৰা নদী, উৰ্পদ বিল, মৰামানাহ, বকো, টিহু, লাউমূৰাজান এই তালিকাত অন্তৰ্ভুক্ত হৈছে। অসম বিজ্ঞান সমিতি আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে ক্ষীপ্ৰতাৰে কাম কৰি বেগানৈৰ লগতে ৰাজ্যখনৰ নদী – জলাশয় সমূহ প্ৰদূষণমুক্ত ভাবে গঢ়ি তোলক, সেই নদ- নদীৰে কুলু কুলু সুৰেৰে বৈ যাওক নিৰ্মল পানী। সেই নৈৰ পাৰত কবিয়ে কবিতা, গীতিকাৰে গীত ৰচক, সকলোৱে মুক্তমনে সেই নদ – নদীৰ পাৰত ঘুৰি ফুৰি সেৱন কৰক বিশুদ্ধ বায়ু – পানী – তাৰেই কামনা কৰিছে মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে –, দৰং, অসম'ৰ সভাপতি আনোৱাৰ হুছেইন, কাৰ্যকৰী সভাপতি কুশল কলিতা, সম্পাদক গণেশ দত্তই।

ইপিনে অসম বিজ্ঞান সমিতিৰ মঙলদৈ শাখাৰ সভাপতি ডঃ কুমুদ চন্দ্ৰ শৰ্মাই বেগানৈৰ সন্দৰ্ভত প্ৰকল্প প্ৰস্তুত কৰিবলৈ সম্পাদক ডঃ কমলাকান্ত বৰা, ডঃ পবিত্ৰ কুমাৰ নাথ, ডঃ চাহাবুদ্দিন আহমেদ, ডঃ সীমাজ্যোতিক লৈ এখন সমিতি গঠন কৰি দিছে। এই সমিতিয়ে অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ গৱেষক ডঃ সংগীতা দত্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ক্ৰমে – ডঃ অবণী ভাগৱতী, ডঃ নিত্যানন্দ ডেকা, ডঃ ধ্ৰুৱজ্যোতি চহৰীয়া আদিৰ নীতি – নিৰ্দেশনাত বেগানৈৰ মূল উৎস, ইয়াৰ পাৰিপাৰ্শ্বিক অধ্যয়ন কৰিব। ইপিনে অসম বিজ্ঞান সমিতি মঙলদৈ শাখাৰ সম্পাদক ডঃ কমলাকান্ত বৰাই জনোৱা মতে, ডিচেম্বৰ মাহৰ তৃতীয় সপ্তাহত এই বিষয়ে এখন ৰাজহুৱা সভা মঙলদৈত অনুষ্ঠিত কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in