মঙলদৈত অসম সাহিত্য সভাৰ ‘মাতৃভাষা দিৱস’ উদযাপন…

মঙলদৈত অসম সাহিত্য সভাৰ ‘মাতৃভাষা দিৱস’ উদযাপন…

ডিজিটেল সংবাদ, মঙলদৈঃ '৭২ মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ মৃত্যুৰ দিন ৬ অক্টোবৰ দিনটো অসম সাহিত্য সভাই ʼমাতৃভাষা দিৱসʼ হিচাপে মঙলদৈত উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অহা ৬ অক্টোবৰ তাৰিখে দৰং জিলা সাহিত্য সভা আৰু শ্বহীদ মোজাম্মিল হক স্মৃতি ৰক্ষা সমিতিৰ যুটীয়া উদ্যোগত বেগা নৈৰ পাৰত অৱস্থিত শ্বহীদ মোজাম্মিল হকৰ স্মৃতিসৌধৰ বাকৰিৰ সন্মুখৰ ইউথ ক্লাব মঙলদৈৰ সভাগৃহত অনুষ্ঠিত হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গৌস্বামী আৰু অভ্যৰ্থনা সমিতি তথা শ্বহীদ মোজাম্মিল হক স্মৃতিৰক্ষা সমিতিৰ সম্পাদকে এক প্ৰেছবিজ্ঞপ্তি যোগে জানিবলৈ দিয়া অনুসৰি পুৱা ৮.৫৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন কুমাৰ ৰাজবংশীয়ে।

৯ বজাত শ্বহীদ মোজাম্মিল হক স্মৃতিৰক্ষা সমিতিৰ পতাকা উত্তোলন কৰিব শ্বহীদ মোজাম্মিল হক স্মৃতিৰক্ষা সমিতিৰ সভাপতি মুকুল চন্দ্ৰ ডেকাই, ৯.২০ বজাত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণৰ মুখ্য তৰ্পক শ্বহীদ পৰিয়ালৰ সদস্য বদৰুল হকে একেটা সময়তে ৫০ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫০ গছি বন্তি প্ৰজ্বলনৰ অন্তত ১০ বজাত অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত হ'ব লগীয়া সভাখন উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি অধ্যাপক ইদ্ৰিছ আলিয়ে আৰু আদৰণী ভাষণ প্ৰদান কৰিব মাতৃভাষা দিৱস উদযাপনৰ অভ্যৰ্থনা সমিতি তথা মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক বসন্ত দাসে।

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় অধ্যাপক ডঃ চন্দন কুমাৰ শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লাগিয়া সভাখনত স্মাৰক পুস্তিকা উন্মোচন কৰিব অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে । সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি পদ্মশ্ৰী প্ৰহ্লাদ চন্দ্ৰ তাছা, নিদিষ্ট বক্তা হিচাপে লেখক, চিন্তাবিদ ময়ুৰ বৰা, সন্মানীয় অতিথি হিচাপে ক্ৰমে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়ো আৰু দলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান উপস্থিত থকাৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব দৰং জিলাৰ উপায়ুক্ত প্ৰভাতী থাওচেন আৰু দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই।

সন্ধিয়া ৫ বজাত শ্বহীদ উদ্যানত সমূহীয়া বন্তি প্ৰজ্বলনেৰে 'মাতৃভাষা দিৱস'ৰ কাৰ্যসূচী অন্ত পৰিব ।'মাতৃভাষা দিৱস'ৰ এই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সমুহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গৌস্বামী আৰু অভ্যৰ্থনা সমিতি তথা শ্বহীদ মোজাম্মিল হক স্মৃতিৰক্ষা সমিতিৰ সম্পাদক আমান উল্লাহ পাছাই কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in