অভিনেতা পৰেশ গোস্বামীক ২০১৯-২০ বৰ্ষৰ প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান

অভিনেতা পৰেশ গোস্বামীক ২০১৯-২০ বৰ্ষৰ প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান

ডিজিটেল সংবাদ, মঙলদৈঃ অসমৰ সাংস্কৃতিক পথাৰৰ বলিষ্ঠ অভিনেতা দৰং সন্তান পৰেশ গোস্বামীয়ে লাভ কৰিলে ২০১৯-২০ বৰ্ষৰ প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা৷ যোৱা বৰ্ষৰ ৰাজমুকুট থিয়েটাৰৰ "বীৰাংগনা" নাটকত এটা বিশেষ চৰিত্ৰত কৰা অভিনয়ৰ বাবে অভিনেতা গৰাকীক প্ৰদান কৰা হয় এই সন্মা ৷ দক্ষিণ ৰঙিয়া অঞ্চলৰ অগ্ৰণী সমাজ সাংস্কৃতিকমূলক অনুষ্ঠান "মঞ্চ" ৰ উদ্যোগত দেওবাৰে শিল্পী গৰাকীৰ গৃহ জিলাৰ দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ত সম্পূৰ্ণ চৰকাৰী নীতি- নিৰ্দেশনাৰে সামাজিক দূৰত্ব বজাই ৰাখি এই বঁটা প্ৰদান কৰা হয় অভিনেতা গৰাকীক।

পূৰ্বে অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান অনুষ্ঠান গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা হৈ আহিছিল যদিও এইবেলি কোৰোনা আতংক আৰু লকডাউনৰ বাবে পূৰ্বৰ স্থানৰ পৰিবৰ্তে দেওমৰনৈ কণিষ্ঠ মহাবিদ্যালয়ত এই বঁটা প্ৰদান অনুষ্ঠান কৰা হয়৷ বঁটা প্ৰদান অনুষ্ঠানত "মঞ্চ"ৰ সভাপতি তথা নলবাৰী জিলাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক হেমন্ত ভট্ৰাচাৰ্যৰ সঞ্চালনাত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম কলাতীৰ্থ সঞ্চালক ড° পৰামানন্দ ৰাজবংশী, অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান যাদৱ শৰ্মা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মুকুট হাজৰিকা, দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষকে আদি কৰি বিভিন্ন দল সংগঠনৰ লোক উপস্থিত থাকে।

প্ৰয়াত অচ্যুত লহকৰৰ পৰিয়ালৰ হৈ অম্লান জ্যোতি শৰ্মা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে৷ অনুষ্ঠানত মুখপত্ৰ "সপ্নদ্ৰষ্টা" উন্মোচন কৰে অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান যাদৱ শৰ্মাই৷ এগৰাকী দৰং সন্তানে প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা লাভ কৰাত দৰং জিলাৰ বিভিন্ন দল সংগঠনে পৰেশ গোস্বামীক উষ্ম আদৰণি জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in