মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২ স্কুটি আৰোহী

মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২ স্কুটি আৰোহী

ডিজিটেল সংবাদ, মঙলদৈঃ বুধবাৰে নিশা মঙলদৈৰ সমীপৰ কেৰিমেৰিত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন যুৱকৰ কৰুণ মৃত্যু ঘটাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰে। জানিব পৰা মতে, ৰজনী কলিতা আৰু বিকাশ সন্যাসী নামৰ যুৱক দুজনে এখন স্কুটিৰে বিপৰীত দিশৰ পৰা আহি থকা এএছ-২৫-ডিচি০৪৩৬ নম্বৰৰ এখন টাটা মেজিক গাড়ীত তীব্ৰবেগে খুন্দা মৰাত দুয়ো যুৱক পথৰ দাঁতিত উফৰি পৰে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱক দুজনক স্থানীয় ৰাইজৰ সহযোগত যান-বাহন আৰক্ষীয়ে ততাতৈয়াকৈ মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও পথতে মৃত্যু ঘটে দুয়োজনৰে। মূলত হেলমেট পৰিধান নকৰি তীব্ৰ বেগেৰে বাহন চলোৱাৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিছে একাংশই। সম্প্ৰতি মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে দুয়োজনৰে মৃতদেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in