২৪ ঘণ্টাৰ ভিতৰতে দৰং আৰক্ষীয়ে কৰায়ত্ত কৰিলে দুই গভাইত গাড়ী চোৰক…

২৪ ঘণ্টাৰ ভিতৰতে দৰং আৰক্ষীয়ে কৰায়ত্ত কৰিলে দুই গভাইত গাড়ী চোৰক…

ডিজিটেল সংবাদ, মঙলদৈঃ সোমবাৰে নিশা চুৰি হোৱা দৰঙৰ ৰান্ধনি সত্ৰৰ পৰা ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰাপ্ত ভাৰত ভূষন মহন্তৰ এ এছ ১৩ জি ৮০১৭ নম্বৰৰ ছুইফট ডিজেয়াৰ গাড়ীখন মঙলবাৰে সন্ধিয়া চুৰি গাড়ীসহ কাৰ্বি আংলঙৰ মাঞ্জা থানাত কৰায়ত্ত ২ গভাইত চোৰ৷

চুৰিকাণ্ড সংঘটিত হোৱাৰ ২৪ ঘন্টাৰ ভিতৰতে দৰং আৰক্ষীয়ে কাৰ্বি আংলং আৰক্ষীৰ সহযোগত মাঞ্জা থানাই চুৰি গাড়ী সহ আটক কৰে গাড়ী চুৰিৰ লগত জড়িত থকা দৰঙৰ পৱন ওৰফে টিংকু বনিয়া আৰু ভৱেশ কলিতা ওৰফে পিলিঙাইক ৷ অৱশ্যে পাথৰিঘাট আৰক্ষী চকী পোৱাৰ পিছতে ভাষ্য সলনি দুই গভাইত চোৰৰ ৷

নগালেণ্ডৰ চোভা আৰু চুম্বা নামৰ দুটা চোৰেহে দেওমৰনৈ ৰান্ধনি সত্ৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভাৰত ভূষণ মহন্তৰ ঘৰৰ পৰা গাড়ী চুৰি কৰি ২০ হাজাৰ টকাত গাড়ীখন ডিমাপুৰ নিয়াৰ ঠিকা দিছিল। কিন্তু চাৰিদিন পূৰ্বে ছাগলী চুৰি কৰি দীঘিৰপাৰত দহ হাজাৰ টকা গৃহস্থক দিব লগা হোৱা পিলিঙা আৰু ৪৮ ঘন্টা জেলত থাকি মুকলি হোৱা পৱনৰ এই ভাষ্য কিমান গ্ৰহণযোগ্য সেয়াই লক্ষনীয় বিষয়।

ইতিমধ্যে দৰং আৰক্ষীয়ে জিম্মাত লোৱা দুই চোৰক বুধবাৰে আদালতত হাজিৰ কৰোৱাৰ পাছত আৰক্ষীৰ জিম্মাত ল'লেই সকলো স্পষ্ট হ'ব চোৰৰ ভাষ্য কিমান সত্য আৰু কোন জড়িত আছে গভাইত গাড়ী চুৰি চক্ৰটোৰ সদস্য ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in