মানকাচৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল নৈশ বাছ, ৩০ আহত যাত্ৰীক ভৰ্তি চিকিৎসালয়ত…

মানকাচৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল নৈশ বাছ, ৩০ আহত যাত্ৰীক ভৰ্তি চিকিৎসালয়ত…
  • মানকাচৰৰ মানুল্যাপাৰাত নৈশ বাছ দুৰ্ঘটনা।
  • দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ এএছ ০১ এমচি ২৯৮৭।
  • বাছখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে।
  • এই দুৰ্ঘটনাত আহত হৈছে ৩০জনকৈ যাত্ৰী।
  • আহত যাত্ৰীসকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
  • জানিব পৰা মতে, মানকাচৰৰ বাঘাপাৰাৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছিল বাছখন।
  • প্ৰায় ১২ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পাছত বাছখন দুৰ্ঘটনাত পতিত হয়।
  • ঘটনাস্থলীত ৰাওনা হৈছে আৰক্ষীৰ দল।
  • ৰাইজে আহত যাত্ৰীক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in