/asomiyapratidin/media/media_files/2026/02/10/1-2026-02-10-10-55-45.jpg)
ডিজিটেল ডেস্কঃ মানকাচৰৰ বিভিন্ন প্ৰান্তত প্ৰতি বছৰে একাংশ অসাধু ব্যৱসায়ীয়ে চৰকাৰক বৃহৎ পৰিমাণৰ কৰ ফাঁকি দি অবৈধভাৱে ইটা ভাটা চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। কোনো ধৰণৰ চৰকাৰী অনুজ্ঞাপত্ৰ নথকা সত্ত্বেও এনে অবৈধ ইটা ভাটা কেনেকৈ স্থাপন কৰিবলৈ সাহস পায় ইটাভাটাৰ মালিকসকলে। এই কাৰ্যক লৈ প্ৰশ্ন এতিয়া সচেতন মহলৰ মাজত।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/10/whatsa-2026-02-10-10-46-13.jpeg)
উল্লেখযোগ্য যে, এই ঘটনা অঞ্চলটোত তীব্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে। বিগত বৰ্ষত জিলা প্ৰশাসনে অবৈধ ইটা ভাটাৰ বিৰুদ্ধে অভিযান চলাই কেবাটাও ইটাভাটাত উচ্ছেদ চলাইছিল। কিন্তু জিলা প্ৰশাসনৰ সেই কঠোৰ পদক্ষেপক গুৰুত্ব নিদি পুনৰ একাংশ অসাধু ব্যৱসায়ীয়ে নতুনকৈ অবৈধ ইটা ভাটা নিৰ্মাণ কৰি ৰঙা ইটাৰ ৰমৰমীয়া কলা ব্যৱসায় চলাই থকা দেখা গৈছে। এই অবৈধ ইটা ভাটাসমূহে কেৱল চৰকাৰী ৰাজহৰ ক্ষতিই নহয়, পৰিৱেশ আৰু স্থানীয় জনজীৱনতো বিৰূপ প্ৰভাৱ পেলাই আহিছে বুলি জানিব পৰা গৈছে। এনে ধৰণৰ অবৈধ কাৰ্যকলাপ চলি থকাৰ পাছতো কিয় নিমাত জিলা প্ৰশাসন? কিয় কোনো দৃশ্যমান ব্যৱস্থা গ্ৰহণ কৰা নাই মানকাচৰ ৰাজহ চক্ৰ বিষয়া? এই সকলোবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/10/whatsapp-ima-2026-02-10-10-46-32.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us