মেঘালয়ৰ পাহাৰৰ ঢলে উটুৱাই নিলে মানকাচৰৰ কাঠৰ দলং, কৃত্ৰিম বানে বুৰালে ইৰি ধান-মৰাপাটৰ খেতি…

মেঘালয়ৰ পাহাৰৰ ঢলে উটুৱাই নিলে মানকাচৰৰ কাঠৰ দলং, কৃত্ৰিম বানে বুৰালে ইৰি ধান-মৰাপাটৰ খেতি…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ পাহাৰৰ ঢলে মানকাচৰৰ পূৰ্বাঞ্চলৰ কুড়ালভাঙা কালো নৈৰ ওপৰত থকা কাঠৰ দলং উটুৱাই নিয়াৰ লগতে কৃত্ৰিম বানে বুৰালে কৃষকৰ ইৰি ধান আৰু মৰাপাটৰ খেতি।

উল্লেখ্য যে, আমফানৰ প্ৰভাবত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ পানীৰ ঢল কালো নদীৰ মাজেৰে প্ৰচণ্ড গতিত বৈ অহাত পানীৰ সোঁতত কুড়ালভাঙাত অৱস্থিত কালো নৈৰ ওপৰৰ কাঠৰ দলঙৰ একাংশ উটুৱাই নিয়াত অঞ্চলৰ ৰাইজৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

ইয়াৰোপৰি কালো নৈৰে বৈ যোৱা পাহাৰৰ ঢলৰ পানী ওপচি পৰি মানকাচৰৰ পূৰ্বাঞ্চলৰ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ জিলাৰ দাঁতি কাষৰীয়া টেপৰপাৰা,কুড়ালভাঙা,ধাপাবিল,বান্দৰপানী খোৱা আদি বিস্তীৰ্ণ অঞ্চলৰ ইৰি ধান,মৰাপাট খেতি-পথাৰ পানীয়ে বুৰাই পেলোৱাত কৃষক ৰাইজৰ বিস্তৰ ক্ষতি সাধন হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in