‘মই কোৰোনা ভাইৰাছত আক্ৰান্ত, এয়া মই আনলৈও বিয়পাম’- বাৰত উপস্থিত হৈ এজন ব্যক্তিয়ে চিঞৰি চিঞৰি চলালে সন্ত্ৰাস…

‘মই কোৰোনা ভাইৰাছত আক্ৰান্ত, এয়া মই আনলৈও বিয়পাম’- বাৰত উপস্থিত হৈ এজন ব্যক্তিয়ে চিঞৰি চিঞৰি চলালে সন্ত্ৰাস…

ডিজিটেল ডেস্কঃ দেহত ধৰা পৰা কোৰোনা ভাইৰাছ অন্যৰ মাজলৈ সংক্ৰমিত কৰাৰ বাবে বাৰত উপস্থিত হ'ল জাপানৰ এজন ব্যক্তি। যি সময়ত কোৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে, প্ৰতিখন ৰাষ্ট্ৰৰ চৰকাৰে এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে, সেই সময়তে জাপানাৰ এই ব্যক্তিজনে নিজৰ দেহত ধৰা পৰা ভাইৰাছ অন্যৰ মাজলৈ বিয়পোৱাৰ বাবে চলোৱাৰ এক চেষ্টাৰ কথা পোহৰলৈ আহিছে।

জানিব পৰা মতে, জাপানৰ এজন ৫০ বৰ্ষীয় লোকৰ স্বাস্থ্য পৰীক্ষাত দেহত যোৱা ৪ ফেব্ৰুৱাৰীত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। তাৰ পিছত চিকিৎসালয়ত ঠাইৰ অভাৱৰ পৰিপ্ৰেক্ষিতত যেতিয়ালৈকে ব্যক্তিজনৰ বাবে চিকিৎসাৰ ব্যৱস্থা কৰা নহয়, তেতিয়ালৈকে তেওঁক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ আগবঢ়ায় চিকিৎসকে।

কিন্তু লোকজনে ঘৰতে সোমাই থাকিব নিবিচাৰিলে। ব্যক্তিজনে এখন টেক্সি লৈ প্ৰথমে ইজাকিয়া বাৰ নামৰ এখন বাৰত উপস্থিত হয়। যোৱাৰ সময়ত লোকজনে তেওঁৰ পৰিয়ালৰ বাকী সদস্য সকলক 'মই এই ভাইৰাছ বিয়পোৱাবলৈ গৈ আছো' বুলি কৈ থৈ যায়। বাৰত লোকজনে যথেষ্ট পৰিমাণে মদ্যপান কৰে। মদৰ ৰাগীত লোকজনে বাৰত চিঞৰিবলৈ আৰম্ভ কৰে যে তেওঁ এজন কোৰোনা ভাইৰাছত সংক্ৰমিত ব্যক্তি আৰু তেওঁ সেই ভাইৰাছ আনলৈ সংক্ৰমিত কৰিবলৈ আহিছে। লোকজনে সেই বাৰখনৰ পৰা ওলাই পুনৰ ফিলিপাইনো নামৰ এখন বাৰৰ ভিতৰত প্ৰৱেশ কৰে।

দ্বিতীয় বাৰখনতো লোকজনে তেনেদৰে চিঞৰ বাখৰ কৰি আতংকৰ সৃষ্টি কৰাত অৱশেষত আৰক্ষীক মাতিবলৈ বাধ্য হয় বাৰত উপস্থিত থকা আন লোকসকলে। পিছত বাৰখনত গামাগোৰী আৰক্ষী উপস্থিত হৈ লোকজনক আটক কৰি চিকিৎসালয়লৈ লৈ যায়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কোৰোনা ভাইৰাছৰ সংক্ৰমিত এই ব্যক্তিজনৰ পিতৃ-মাতৃও এই ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে।

প্ৰণিধানযোগ্য যে, দেওবাৰ পৰ্যন্ত জাপানৰ স্বাস্থ্য বিভাগে সদৰী কৰা মতে, ৰাষ্ট্ৰখনত ১,১৯৮ জন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৪ জন লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জাপানৰ স্বাস্থ্য বিভাগে ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে ৰাষ্ট্ৰখনত।

আনহাতে সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা কোৰোনা ভাইৰাছত বৰ্তমানলৈকে ৩,৮৩০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১,১০,০৮৭ জন লোক এই ভাইৰাছৰ সংক্ৰমণৰ বলি হৈছে। সংক্ৰমিত কেইবাখনো ৰাষ্ট্ৰই ইতিমধ্যে এই ভাইৰাছ অধিক যাতে বিয়পি নপৰে, তাৰ ওপৰত গুৰুত্ব দি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in