নাম নাই এনআৰচিৰ চূড়ান্ত খচৰাত! মঙলদৈত আত্মহত্যা অৱসৰপ্ৰাপ্ত শিক্ষকৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ভাৰতীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত নাম নথকা বাবেই আত্মহত্যা কৰিলে মঙলদৈৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে৷ জানিব পৰা মতে, ভাৰতীয় নাগৰিক পঞ্জীৰ খচৰাত নাম নথকা আৰু বিদেশী ন্যায়াধীকৰণৰ জেৰাত মানসিকভাৱে ভাগি পৰি আত্মহত্যাৰ পথ বাচি লয় নীৰদ বৰণ দাস নামৰ ৭৪ বৰ্ষীয় অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে৷

সোমবাৰে পুৱা সংঘটিত হোৱা এই আত্মহত্যা সন্দৰ্ভত নীৰদ বৰণ দাসৰ পৰিয়ালে জনোৱা মতে, এনআৰচিৰ দ্বিতীয় খচৰাত নাম নথকাৰ পিছতে বিদেশী ন্যায়াধীকৰণৰ পৰা এক জাননী প্ৰেৰণ কৰা হয়৷ ইয়াৰ পিছতে ন্যায়াধীকৰণৰ জেৰাত মানসিকভাৱে ভাগি পৰে সুদীৰ্ঘ ৩৪ বছৰ কাল শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা নীৰদ মোহন দাসে৷

মৃত্যুৰ পূৰ্বে লিখি থৈ যোৱা চুইচাইড নোটতো এই কথা উল্লেখ কৰি যায় শিক্ষকগৰাকীয়ে৷ চুইচাইড নোটত তেওঁ এনআৰচি উন্নীতকৰণক লৈও অসন্তুষ্টি প্ৰকাশ কৰি যায় অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in