শেহতীয়া খবৰ
বাক্সাত পূজা আয়োজক কমিটীৰ ব্যতিক্ৰমী পদক্ষেপ, বিশেষভাৱে সক্ষম শিল্পীৰে অনুষ্ঠিত কৰিলে সাংস্কৃতিক অনুষ্ঠান...  •  শালবাৰীত ছাত্ৰ সন্থাই ৬ খনকৈ ডাম্পাৰ-ট্ৰাক আৱদ্ধ কৰি চমজাই দিলে মহকুমা প্ৰশাসনক  •  দুৱাৰদলিত অসমীয়াৰ বাপতিসাহোন কাতি বিহুঃ নাৰায়ণপুৰৰ একাংশ পথাৰত নজ্বলে লখিমীক আদৰাৰ বন্তিগচি...  •  সমাজহিতৈষী চন্দ্ৰ কলিতাৰ পৰলোক, নলবাৰীত শোক...  •  ঢকুৱাখনাত স্থাপন হ'ব টেট পৰীক্ষাৰ কেন্দ্ৰঃ পৰীক্ষাৰ্থীৰ দাবীক সহাৰি মন্ত্ৰী নৱ কুমাৰ দলেৰ...  •  ৩১ অক্টোবৰৰ ভিতৰত পথত থকা সকলো গাঁত নাইকিয়া কৰা হ'বঃ ঘোষণা মু্খ্যমন্ত্ৰীৰ...  •  তামুলপুৰৰ বিমলা নগৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন...  •  সাৱধান! ৰাজ্যত ইৰাণী গ্ৰুপৰ বৃহৎ বিহাৰী মহিলাৰ গেঙৰ প্ৰৱেশ ...  •  বৰপেটাত পুনৰ আৰক্ষীৰ জালত জেএমবিৰ দুৰ্ধৰ্ষ নেতা, VIDEO...  •  ৰত্নাকৰঃ ষষ্ঠ দিনাৰ উপাৰ্জন ৪২ লাখ, মুঠ উপাৰ্জন হৈছেগৈ...

বিলাসী হোটেলত থাকি বিল হ’ল ১২ লাখ, পৰিশোধ নকৰাকৈ পলায়ন কৰা ব্যৱসায়ীক বিচাৰি আৰক্ষীৰ অভিযান

2,968

ডিজিটেল ডেস্কঃ বিলাসী হোটেলৰ বিলাসী কোঠাত প্ৰায় চাৰি মাহ কাল কটাই হোটেলৰ বিল পৰিশোধ নকৰাকৈয়ে পলায়ন কৰা এজন ব্যক্তিৰ সন্ধান বিচাৰি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, হায়দৰাবাৰ বিলাসী হোটেল ‘তাজ বানজাৰা’ৰ বিলাসী কোঠাত বিগত প্ৰায় ৪ মাহ কাল থকাৰ পিছত হোটেল কৰ্তৃপক্ষক দিবলগীয়া ১২.৩৪ লাখ টকা পৰিশোধ নকৰাকৈয়ে পলায়ন কৰে এ শংকৰ নাৰায়ণ নামৰ লোকজনে।

নিজকে বিশাখাপট্টনমৰ ব্যৱসায়ী বুলি হোটেল কৰ্তৃপক্ষক জনোৱা লোকজনে বিল পৰিশোধন নকৰাৰ পিছত শনিবাৰে তাজ বানজাৰাই আৰক্ষীৰ কাষ চাপে। হোটেল কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে প্ৰতাড়না আৰু অপৰাধজনিত বিশ্বাসঘাতৰ গোচৰ ৰুজু কৰি লোকজনৰ সন্ধান বিচাৰি অভিযান আৰম্ভ কৰিছে।

হোটেল কৰ্তৃপক্ষই জনোৱা মতে, যোৱা এপ্ৰিল মাহত তাজ বানজাৰাত বিলাসী ৰুম বুক কৰিছিল এ শংকৰ নাৰায়ণ নামৰ লোকজনে। তাৰ পিছৰ পৰাই হোটেলখনত থকা লোকজনৰ মুঠ বিল হয় ২৫.৯৬ লাখ। ইয়াৰে ১৩.২৬ লাখ টকা তেওঁ পৰিশোধ কৰে যদিও বাকীখিনি ধন পৰিশোধ নকৰাকৈয়েও গোপনে হোটেলৰ পৰা পলায়ন কৰে।

ইয়াৰ পিছত হোটেল তাজ বানাজাৰা কৰ্তৃপক্ষই লোকজনলৈ ফোন কৰাত লোকজনে বাকীখিনি বিল পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু পিছত লোকজনে ফোন চুইটছ অফ কৰাত উপায় নাপায় হোটেল কৰ্তৃপক্ষই ব্যক্তিজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি