দৰংগিৰিত ৰে’লৰ খুন্দাত নিহত এজন ৰে’ল কৰ্মচাৰী

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ দৰংগিৰিৰ ৰে'ল পথত ৰে'লৰ খুন্দাত এজন লোক নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, আমজোঙা ৰে'ল পথৰ পৰা ৰে'ল পথেৰে দৰংগিৰিৰ মইচখুলি গাৰোপাৰা ৰে'লপথত কৰ্মচাৰীজনে কৰ্মৰত অৱস্থাত থকাৰ সময়তে হঠাৎ তীব্ৰবেগী ৰে'লে মহতিয়াই লৈ যায় লোকজনক৷ লগে লগে থিতাতে নিহত হয় ৰে'ল কৰ্মচাৰীজন৷

স্থানীয় লোকে ঘটনাৰ সন্দৰ্ভত আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু ৰে'লৱে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। নিহত ৰে'ল কৰ্মচাৰীজন ৰাজু গৌহা (৪০) বুলি চিনাক্ত কৰে৷ নিহত লোকজন ৰেল বিভাগৰ কী মেন হিচাপে কৰ্মৰত আছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in