প্ৰচাৰৰ নামত ধমকি দিয়াৰ চেষ্টা নকৰিবঃ অমিত শ্বাহক গৰজি উঠিল মমতা…

প্ৰচাৰৰ নামত ধমকি দিয়াৰ চেষ্টা নকৰিবঃ অমিত শ্বাহক গৰজি উঠিল  মমতা…

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ নিৰ্বাচন প্ৰায় সমাগত। এই সময়ত তৃণমূল কংগ্ৰেছ আৰু মূখ্য বিপক্ষ দল বিজেপিৰ মাজৰ মৌখিক অৰিয়া অৰি অব্যাহত আছে। বিজেপিৰ পূৰ্বৰ অধ্যক্ষ তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে এখন নিৰ্বাচনী সভাত ভাগ লয় আৰু প্ৰচাৰৰ মাজতে মূখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লক্ষ্য কৰি কটাক্ষ কৰে। অমিত শ্বাহে আনকি নিৰ্বাচনৰ শেষৰ সময়লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপিৰ প্ৰশংসাত পঞ্চমূখ হ'ব বুলিও মন্তব্য কৰে।

ইয়াৰ প্ৰতুত্যৰ দিয়ে দেশৰ সৰ্ব চৰ্চিত মূখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁ কয় যে, নিৰ্বাচন প্ৰচাৰৰ বাবে অহা অমিত শ্বাহক তেওঁলোকে আদৰণি জনাইছে কিন্তু যদি অমিত শ্বাহে নিৰ্বাচনৰ গইনা লৈ নিকৃষ্ট মানসিকতা প্ৰদৰ্শন কৰে আৰু ধমকি দিয়া আৰম্ভ কৰে তেন্তে সেয়া তেওঁ বিবেচনা নকৰাকৈ নাথাকে।

অমিত শ্বাহক একপ্ৰকাৰ নিজৰ ধৰণেৰে ধমকি দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে। ইয়াৰ পূৰ্বেও নিজৰ স্বাভাৱিক চিৰাচৰিত মেজাজৰ বাবে প্ৰায়ে চৰ্চাত থাকে মুখ্যমন্ত্ৰী গৰাকী। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে অংশ লোৱা নেতাজীৰ অনুষ্ঠানত জয় শ্ৰী ৰাম ধ্বনি দিয়াৰ বাবে সভা ত্যাগ কৰিছিল মমতা বেনাৰ্জীয়ে। এতিয়া নিৰ্বাচনৰ প্ৰাকক্ষণত তেওঁলোকৰ ৰাজনৈতিক যুঁজে কি ৰুপ লয় লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in