শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

নতুন ছবিৰ শ্বুটিঙৰ মাজতে পানীত ডুবি মৃত্যু জনপ্ৰিয় মালয়ালী অভিনেতা অনিল নেডুমংগডুৰ…

ডিজিটেল ডেস্কঃশুকুৰবাৰে বিয়লি মালংকাৰা বান্ধৰ কাষত গা ধুবলৈ গৈ পানীত ডুবি মৃত্যু হয় জনপ্ৰিয় মালয়ালী অভিনেতা অনিল নেডুমংগডুৱে। আৰক্ষী সুত্ৰৰ পৰা এই কথা জানিবলৈ পোৱা গৈছে। “অয়্যপানুম কৌশিয়ম” ছবিত আৰক্ষীৰ ভূমিকা ৰূপায়ন কৰা অভিনেতা জনৰ দুৰ্দান্ত অভিনয়ে তেওঁৰ পৰিচয় গঢ়িছিল।

উল্লেখ্য যে, নতুন ছবি ‘পীছ’ ৰ শ্বুটিঙৰ কামত ব্যস্ত আছিল অভিনেতাজন। শ্বুটিঙৰ মাজৰ অৱসৰৰ সময়তে তেওঁ বন্ধুৰ লগত গা ধুবলৈ গৈ সংঘটিত হয় এই ঘটনা। অভিনেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনৰাই বিজয়নে কয় যে, দুদান্ত অভিনয়েৰে মালয়ালী ছবিজগতত নিজৰ বাবে সুকীয়া ঠাই দখল কৰিছিল অভিনেতাজনে। দশৰ্কৰ মনতো তেওঁ সদায় এক বিশেষ স্থান অধিকাৰ কৰি থাকিব বুলি মন্তব্য কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জনে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি