ক’ত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশন…

ক’ত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশন…

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিবেশন মাজুলীত। মঙলবাৰে সন্ধিয়া ৫ বজাৰ লগে লগে শুৱালকুছি জ্যোতি ক্ষেত্ৰত অসম সাহিত্য সভাৰ পতাকা নমাই সেই পতাকা মাজুলী সাহিত্য সভাৰ হাতত বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশীয়ে অৰ্পণ কৰে। পতাকা লৈ মাজুলী সাহিত্য সভাৰ প্ৰতিনিধিসকল মাজুলীলৈ ৰাওনা হৈছে।

অতি সুৰক্ষিত স্থানত উক্ত পতাকা ৰাখি পৰৱৰ্তী অধিৱেশনৰ বাবে মাজুলী সাহিত্য সভাই প্ৰস্তুতি চলাব।
ইফালে, অধিবেশনৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে অসুস্থ হৈ পৰে বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশী। পুৱাৰে পৰা পৰমানন্দ ৰাজবংশী অসুস্থ হৈ আছিল যদিও আবেলিলৈ তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে।

তথাপিও তাৰ মাজে মাজে জিৰণি লৈ তেওঁ যদিও অনুষ্ঠান চলাই আছিল মাজুলী সাহিত্য সভাক পতাকা অৰ্পণ কৰাৰ পাছত তেওঁ চিকিৎসকৰ পৰামৰ্শ মতে ঘৰত জিৰণি লয়। অচেতন হৈ তেওঁ পৰি যোৱাৰ ফলত পিছফালে মূৰত সামান্য আঘাত পায়। চিকিৎসকে বুধবাৰে তেওঁৰ চিটি স্কেনকে ধৰি অন্যান্য পৰীক্ষা কৰিব বুলি জানিব পৰা গৈছে। বৰ্তমান স্বগৃহত বিশ্ৰাম লোৱা ৰাজবংশীক পুনৰ পুৱাতে চিকিৎসালয়লৈ নিয়া হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in