মাজুলীৰ আউনীআটী সত্ৰত একৈশ জোৰা আকাশ বন্তি প্ৰজ্বলনেৰ আৰম্ভ হল মাহযোৰা নামোৎসৱ…

মাজুলীৰ আউনীআটী সত্ৰত একৈশ জোৰা আকাশ বন্তি প্ৰজ্বলনেৰ আৰম্ভ হল মাহযোৰা নামোৎসৱ…

ডিজিটেল সংবাদ,মাজুলীঃ মাজুলীৰ আকাশ বতাহত কাতি বিহুৰ পৰম্পৰাৰে প্ৰতিধ্বনিত হল খোল,তাল, মৃদংগ,ডবা,শংখ,কাহ,কালি ভেৰুৰ সমলয়ত হৰিনামৰ মুৰ্চনা। তুলসীৰ তলত চাকি বন্তি প্ৰজ্বলন কৰি নেদেখা জনক প্ৰাৰ্থনা কৰিলে মহামাৰীৰ নিৰাময় বিচাৰি,ৰাস- পালনামৰ আত্মিক মিলনৰ আকাংক্ষাৰে। পাঁচটাকৈ বানপানীৰ অত্যাচাৰ, খহনীয়াত বিধ্বস্ত জনাঞ্চলত পুনৰ সেউজ সপোন ৰছা কৃষকে আগতীয়া ৰবি শস্য হেৰুৱাইও আশাকৰিছে পথাৰৰ লখিমী মুঠি ভৰালত সুমুৱাবৰ, শেহতীয়া ৰবিশস্যৰে মাজুলী নদন বদন হোৱাৰ।ইফালে ঐতিহ্য মণ্ডিত আউনীআটী সত্ৰই যাউতি যুগীয়া পৰম্পৰা ৰক্ষা কৰি ২১ জোৰা আকাশ বন্তি প্ৰজ্বলনেৰে মাহজোৰা নামোৎসবৰ শুভাৰম্ভ কৰে।

সমগ্ৰ কাতি মাহটো ৰাতিৰ আকাশত জলি থাকিব একৈশ জোৰা আকাশ বন্তি। আনহাতে আজি সন্ধিয়াৰ পৰা সত্ৰখনত আৰম্ভ হোৱা চাৰি হাটি প্ৰদক্ষিণ কৰি গোৱা নামৰ লগতে সমগ্ৰ কাতি মাহত টো কাহিলি পুৱাতে বৈষ্ণৱ সকলে পৰিৱেশন কৰিব জাগৰণৰগীত। ধৰ্মীয় পৰম্পৰা মতে কাতি মাহটো আৰু তুলসী ভগৱানৰ অতি প্ৰিয়। মাজুলীৰ সত্ৰসমূহ ত কাতি মাহটোত পাঁচবিধ ব্ৰত পালন কৰি অতি সংযম হৈ ভকতি কৰে। তেনে কৰিলে জীৱই পৰিত্ৰাণ লাভ কৰে আৰু তাকে নকৰিলে গাহৰি ৰ জনম লাভ কৰে বুলি এক জনবিশ্বাস আছে।

একেদৰে আকাশ বন্তি প্ৰজ্বলন কৰিলে ব্ৰহ্মহত্যাৰ দৰে পাপো মোচন হয় বুলি পুৰাণ সমূহত উল্লেখ আছে। আজি মাজুলী সত্ৰসমূহ ৰ লগতে গ্ৰাম্যাঞ্চলত আকাশ বন্তি প্ৰজ্বলন কৰাৰ লগতে শস্যৰপথাৰত বন্তি প্ৰজ্বলন কৰি তুলসী ভেটিৰ সন্মুখত নামকীৰ্তন কৰা দেখা যায়। আনহাতে বন্তি প্ৰজ্বলন এক কীটনাশক ব্যবস্থা আৰু তুলসীৰ আছে ঔষধি গুণ।আজি পূৱাৰ ভাগত আউনীআটী সত্ৰত পাৰম্পৰিক কাৰ্যসুচিৰ উপৰিও বিহুৰ বাবে বঢ়াপ্ৰসংগ, বিশেষ সেৱা পূজা,বৰসবাহ, তুলসী ৰোপন,দীপ উৎৰ্সগা কৰে আৰু গোবিন্দৰ চৰণত অক্ষয় বন্তি প্ৰজ্বলন কৰে।

নামঘৰৰ দক্ষিণ দিশত থকা আকাশ বন্তি ক্ষেত্ৰলৈ নিয়াৰ আগতে হিয়ানাম, দিহানাম, গায়ন-বায়ন আৰু ওজা পালি পৰিবেশন কৰে। সত্ৰৰ বৰদেউৰীয়ে শালগ্ৰাম শিৰত ধাৰণ কৰি মনিকূটৰ পৰা ওলোৱাৰ লগে লগে সত্ৰাধিকাৰ,ডেকা সত্ৰাধিকাৰ,সাতমান ভগীয়া সকলে নিয়মানুযায়ী নামঘৰৰ মূল পথেৰে আকাশ বন্তি ক্ষেত্ৰত প্ৰবেশ কৰে। সমদলৰ লগত সত্ৰৰ বৈষ্ণৱ আৰু নাম লগোৱা, গায়ন-বায়ন,নতুৱা, ওজাপালি, সংকীৰ্তনীয়া,ঢুলীয়া,কালিয়া,ভেৰুৱাৰ সমলয়ত প‌্ৰতিটো হাটিৰ ভকত বৈষ্ণৱসকলে সংকীৰ্তন পৰিবেশন কৰে। আকাশ বন্তি ক্ষেত্ৰত বৰদেউৰীয়ে শালগ্ৰাম স্থাপন কৰি পুজা আৰম্ভ কৰে আৰু সমদলে চাৰি বাৰ ক্ষেত্ৰ প্ৰদক্ষিন কৰাৰ অন্তত মান্যানুষাৰে একৈশ জোৰা আকাশ বন্তি আকাশলৈ উত্তোলন কৰে।

পৰিশেষত মনিকূটত সেৱাধৰি নিজ নিজ বহাৰ সন্মুখত আকাশ বন্তি আৰু তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰাৰ উপৰিও সন্ধিয়া নামপৰিবেশন কৰি সত্ৰৰ চাৰি হাটি প্ৰদক্ষিণ কৰি দিনটোৰ কাৰ্যসুচিৰ সামৰণি মাৰে।এই একৈশ জোৰা আকাশ বন্তি সমগ্ৰ কাতি মাহত প্ৰজ্বলন কৰি ৰাখে।কাতি মাহৰ ২৫ তাৰিখৰ পৰা২৯ তাৰিখলৈ হোৱা পালনাম মহোৎসৱৰ অন্তত আকাশ বন্তি অবনমিত কৰা হয়। আজি সত্ৰত এক উৎসব মুখৰ পৰিবেশ সৃষ্টি হ'লেও জনসমাগম সেৰেঙা দেখা গৈছিল।

সত্ৰাধিকাৰ ড পীতাম্বৰ দেৱ গোস্বামী এই ক্ষেত্ৰত আশাবাদী। অতি সোনকালেই ৰাইজৰ মাজলৈ শুভদিন ঘুৰি আহিব বুলি আশা প্ৰকাশ কৰি অসমৰ ৰাইজলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। আকাশ বন্তি ক্ষেত্ৰখন উদ্যানলৈ পৰিবৰ্তন কৰাৰ বাবে লোৱা উদ্যোগৰ শেষত একচমু কাৰ্যসুচিৰে উদ্যান খন উদ্বোধন কৰে অসমৰ এগৰাকী খ্যাতনামা শিল্পী ডা চি এছ শিৱাই আৰু অনুষ্ঠানটোৰ আঁত ধৰে অধ্যাপক তুলসী ৰাজ খোৱাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in