মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ড° ডম্বৰুধৰ নাথলৈ শুভেচ্ছা, গতানুগতিকতা পৰিহাৰ কৰি মূল্যবোধৰ ব্যতিক্ৰমী বিশ্ববিদ্যালয় গঢ়াৰ সপোন…

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ড° ডম্বৰুধৰ নাথলৈ শুভেচ্ছা, গতানুগতিকতা পৰিহাৰ কৰি মূল্যবোধৰ ব্যতিক্ৰমী বিশ্ববিদ্যালয় গঢ়াৰ সপোন…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ প্ৰসিদ্ধ শিক্ষাবিদ, গৱেষক ড° ডম্বৰুধৰ নাথক মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প তথা মাজুলীত স্থাপন হবলগীয়া প্ৰথমখন সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰলৈ কৃতজ্ঞতা আৰু নৱনিযুক্ত উপাচাৰ্যলৈ অভিনন্দন জ্ঞাপন কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে। দেওবাৰে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত অৰবিন্দ নাথে ৰাজ্য চৰকাৰলৈ কৃতজ্ঞতা আৰু সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ড° ডম্বৰুধৰ নাথলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প শীঘ্ৰেই পূৰ্ণাংগ ৰূপ পাব বুলি আশা প্ৰকাশ কৰে।

উল্লেখ্য যে, সৰ্বানন্দ সোণোৱাল নেৰ্তৃত্বাধীন ৰাজ্য চৰকাৰৰ দ্বিতীয়খন বাজেটত মাজুলীত এখন বিশ্বমানৰ সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ ৰখা হৈছিল আৰু সেইমৰ্মে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৮ বৰ্ষৰ ১৩ জুলাইত মাজুলীত প্ৰস্তাৱিত বিশ্ববিদ্যালয়খনৰ আধাৰশীলা স্থাপন কৰে। বিগত প্ৰায় এবছৰ ধৰি উপাচাৰ্য নিযুক্তি নিদিয়াৰ বাবে বিশ্ববিদ্যালয়খনৰ প্ৰাৰম্ভিক কাম কাজত কিছু অসুবিধাৰ সন্মুখীন হোৱাত অৱশেষত ৰাজ্য চৰকাৰে মাজুলীৰে সুসন্তান ড° ডম্বৰুধৰ নাথক উপাচাৰ্য হিচাপে নিয়োগ কৰে।

ইপিনে উপাচাৰ্য হিচাপে নিযুক্তি পোৱাৰ পিছত ড° ডম্বৰুধৰ নাথে ৰাজ্য চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খন গতানুগতিক বিশ্ববিদ্যালয় নহয় বুলি মন্তব্য কৰি ভাৰতীয় পৰস্পৰাগত সভ্যতা সংস্কৃতি মিশ্ৰিত এক মূল্যবোধৰ গহীন- বিস্তৃত আৰু ব্যতিক্ৰমী বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলা হ'ব।

ইয়াৰ পাঠ্যক্ৰমৰ সৈতে আন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ প্ৰভেদ থাকিব বুলি উল্লেখ কৰি পাঠ্যক্ৰম প্ৰস্তুত কৰোতে সাংস্কৃতিক জগতৰ সতে জড়িত সন্মানীয় ব্যাক্তিসকলৰ পৰামৰ্শ গ্ৰহণ কৰা হব বুলি সদৰি কৰিছে নৱনিযুক্ত উপাচাৰ্যই। সত্ৰক কেন্দ্ৰ কৰি হোৱা সত্ৰীয়া সংস্কৃতি, আধ্যাত্মিকবাদ, মূল্যবোধক বিশ্বৰ সাৰ্বজনীন জ্ঞানৰ ভাণ্ডাৰলৈ উলিয়াই নিয়া হ'ব বুলিও মন্তব্য কৰি নৱনিযুক্ত উপাচাৰ্য ড° ডম্বৰুধৰ নাথে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত বিশ্বৰ এখন জাকত জিলিকা বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্ঠা অব্যাহত থাকিব বুলি মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in