মাজবাটত জব্দ বৃহৎ পৰিমানৰ নিষিদ্ধ নীলা কেৰাচিন…

মাজবাটত জব্দ বৃহৎ পৰিমানৰ নিষিদ্ধ নীলা কেৰাচিন…

ডিজিটেল সংবাদ, ওৰাংঃ মাজবাটত শনিবাৰে সাংবাদিকৰ তৎপৰতাত আৰু যোগান বিভাগৰ সহযোগত জব্দ নিষিদ্ধ ১২০০ লিটাৰ কেৰাচিনৰ লগতে ১৪ টাকৈ ড্ৰাম। মাজবাট থানাৰ অন্তৰ্গত মাজবাট প্ৰেট'ল ডিপুৰ কাষত থকা কেৰাচিনৰ ডিপুত দীৰ্ঘদিন ধৰি চলি আহিছিল যোগান বিভাগে নিষিদ্ধ কৰা নীলা কেৰাচিনৰ চোৰাং ব্যৱসায়।

একেদৰে অন্যদিনৰ দৰে শনিবাৰেও চলি আছিল নিষিদ্ধ কেৰাচিনৰ ৰমৰমীয়া চোৰাং ব্যৱসায়। মাজ-বাটৰ সাংবাদিকৰ তৎপৰতাত চোৰাং ব্যৱসায়ীসকলে নিষিদ্ধ নীলা কেৰাচিন তেল ক্ৰয় কৰি থকাৰ সময়তে যোগান বিভাগে জব্দ কৰে বৃহৎ পৰিমানৰ কেৰাচিন তেলৰ ১৪টাকৈ ড্ৰাম।

জানিব পৰা মতে, নিষিদ্ধ কেৰাচিনৰ চোৰাং কৈ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল মাজবাটৰ মিন্টু শ্বাহ নামৰ এজন ব্যৱসায়ীয়ে। মিন্টু শ্বাহ নামৰ ব্যৱসায়ীজন চোৰাং চাউলৰ ব্যৱসায়ৰ লগতে জড়িত থকাৰ অভিযোগ উঠিছে। দীৰ্ঘদিন ধৰি অসমৰ চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশতো যোগান বিভাগে যোগান ধৰা সমবায়ৰ চাউল ময়দাৰ বস্তাত ভৰাই চোৰাং ব্যৱসায় চলাই আহিছে মিন্টু শ্বাহ নামৰ ব্যৱসায়ী জনে।

মাজবাটৰ সাংবাদিকে নিষিদ্ধ কেৰাচিন তেল আৰু চাউলৰ মাফিয়া মিন্টু শ্বাহক পূৰ্বেও কৰায়ত্ত কৰি আৰক্ষীৰ হাতত গতাই দিছিল। উল্লেখযোগ্য যে, যোগান বিভাগে নিষিদ্ধ কৰাৰ পিছতো নীলা কেৰাচিন চোৰাং ব্যৱসায় মাজবাটৰ হাটে-বজাৰে উপলব্ধ হৈ আছে এচাম অসাধু চোৰাং ব্যৱসায়ীৰ বাবে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in