খাদ্যৰ লগত নিচা খুৱাই ডকাইতে লুটিলে নগদ চাৰি লাখ টকা সহ সোনৰ অলংকাৰ….

খাদ্যৰ লগত নিচা খুৱাই ডকাইতে লুটিলে নগদ চাৰি লাখ টকা সহ সোনৰ অলংকাৰ….

ডিজিটেল সংবাদ, মইনবড়ি : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়াৰ "শাকিল কম্পিউটাৰ"ৰ সত্বাধিকাৰী জেহেৰুল ইছলামৰ ঘৰত মঙলবাৰে নিশাৰ ভাগত খাদ্যৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই দুৰ্বৃত্তই সংঘটিত কৰা ডকাইত কাণ্ডই অঞ্চলব্যাপী চাঞ্চল্য সৃষ্টি হৈছে।

ডকাইতে নগদ চাৰি লাখ ৮০ টকা, সোণ ৰূপৰ লেপটপ আদি সহ মুঠ প্ৰায় সাত লক্ষাধিক টকা লুটি নিয়ে। নিচাযুক্ত দ্ৰব্য মিহলোৱা খাদ্য খাই অসুস্থ হৈ পৰা জেহেৰুল ইছলাম, তেওৰ পত্নী নাজমা খাতুন, পুত্ৰ শাকিল ইছলাম (১০), কন্যা নাফিছা জান্নাত ওৰফে জুমি(৪) ক পুৱাৰ ভাগত ঘৰত কাম কৰিবলৈ অহা ৰং মিস্ত্ৰি সকলে স্থানীয় ৰাইজৰ সহযোগত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে |

উল্লেখযোগ্য যে, কলগাছিয়াৰ বৃহত্তৰ এলেকাত এটাৰ পিছত এটাকৈ চুৰি, ডকাইতি কাণ্ড সংঘটিত হৈ আহিছে যদিও কলগাছিয়া আৰু জিলা আৰক্ষী প্ৰশাসন নিৰ্বিকাৰ হৈ থকা বুলি অভিযোগ উত্থাপিত হৈছে । কলগাছিয়াৰ চাৰিআলি বজাৰত থকা "শাকীল কম্পিউটাৰ" নামৰ দোকানখনৰ সত্বাধিকাৰী জেহেৰুল ইছলামৰ পৰিয়ালে সন্ধিয়াত ভাত পানী খাই টোপনিত যায়। উক্ত খাদ্য খাই চাৰি জনীয়া পৰিয়ালৰ সকলোৱে ক্ৰমাৎ নিস্তেজ হৈ পৰে আৰু নিদ্ৰামগ্ন হয়।

সেই সুযোগত নিশাৰ ভাগত দৰ্জা, আলমিৰা, স্বোকেচৰ তলা ভাঙি সোণৰ আ-অলংকাৰ, নগদ ধন, ঘৰত মজুত ৰখা লেপটপ, কম্পিউটাৰৰ সা-সামগ্ৰী সহ দোকানৰ চাবি পাতো লুট কৰি নিয়ে ডকাইতে। ৰাতিপুৱা ঘৰত ৰং মিস্ত্ৰী উপস্থিত হৈ জেহেৰুল ইছলাম সঁহ তেওঁৰ পত্নী নাজমা খাতুন আৰু পুত্ৰ-কন্যাক অচেতন অৱস্থাত দেখা পাই স্থানীয় ৰাইজ আৰু আত্মীয়ৰ সহযোগত উদ্ধাৰ কৰি কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে।

সম্প্ৰতি অসুস্থ হৈ পৰা চাৰিওজন সুস্থ হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে| ৰাইজে বৃহত্তৰ কলগাছিয়াত এলেকাত বৃদ্ধি পাব ধৰা বিভিন্ন অসামাজিক কাম প্ৰতিৰোধ কৰিবলৈ দাবী জনাইছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in