গুৱাহাটীত মহাৰাষ্ট্ৰৰ নাটক ফ্লপ হোৱাৰ দিশে নেকি!

গুৱাহাটীত মহাৰাষ্ট্ৰৰ নাটক ফ্লপ হোৱাৰ দিশে নেকি!

ডিজেটেল ডেস্কঃ মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ সমীকৰণ এতিয়াও মিলা নাই বিজেপি আৰু বিসম্বাদী শিৱসেনাৰ বিধায়কৰ। বিসম্বাদী বিধায়কসকলক নেতৃত্ব দিয়া একনাথ সিন্দেয়ে দাবী কৰিলেও চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় বিধায়কৰ সমৰ্থন লাভ কৰা নাই তেওঁ।

গুৱাহাটীত আহি বাহৰ পাতি থকা শিৱসেনাৰ বিসম্বাদী গোটৰ কেইবাজনো বিধায়কে ৰাজ্যখনত দেখা দিয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ উদ্ধৱ ঠাকৰেৰ কাষত থিয় দিয়াৰ ইচ্ছা ব্যক্ত কৰিছে। গোপন সূত্ৰৰ জৰিয়তে উদ্ধৱ ঠাকৰেলৈ প্ৰেৰণ কৰা বাৰ্তাত একনাথ সিন্দেয়ে তেওঁলোকক প্ৰৰোচিত কৰা বুলি প্ৰকাশ কৰিছে।

ইফালে এক আৱেগিক ভাষণেৰে মুখ্যমন্ত্ৰীৰ পদবী এৰিবলৈ সাজু বুলি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন এৰি মাতশ্ৰীত প্ৰৱেশ কৰা উদ্ধৱ ঠাকৰেৰ সমৰ্থনত ওলাই আহিছে অগণন শিৱ সেনাৰ ভক্ত। তেওঁলোকে যিকোনো মুহূৰ্ততে উগ্ৰ ৰূপ ধাৰণ কৰাৰ লগতে গুৱাহাটীত বাহৰ পাতি থকা বিসম্বাদী শিৱ সেনাৰ বিধায়কসকলৰ শংকাৰ কাৰণ হৈ পৰিছে।

সমান্তৰালভাৱে শিৱসেনাৰ এই বিসম্বাদী বিধায়কসকলক আশ্ৰয় দিয়াত খৰ্গহস্ত হৈ পৰিছে উদ্ধৱ ঠাকৰেৰ সমৰ্থক বাহিনী। যিকোনো মুহূৰ্ততে ৰাজ্যখনত থকা অসমীয়া লোকক আক্ৰমণৰ লক্ষ্য কৰি ল'ব পাৰে এই সমৰ্থকসকলে। বিজেপি আৰু শিৱসেনাৰ বিসম্বাদী গোটে চৰকাৰ গঠনৰ বাবে পৰ্যাপ্ত বিধায়ক থকা বুলি প্ৰচাৰ কৰিলেও শেষ মুহূৰ্তত তেওঁলোকে মুখ থেকেচা খাই যাব পাৰে।

শিৱ সেনাৰ জ্যেষ্ঠ নেতা সঞ্জয় ৰাৱতে ইতিমধ্যে ইংগিত প্ৰদান কৰিছে যে, আনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ'বলৈ সাজু হৈছে উদ্ধৱ ঠাকৰে। তাতেই উদ্ধৱ ঠাকৰে চৰকাৰৰ ভৱিষ্যত নিৰ্ভৰ হ'ব বুলি তেওঁ ইতিমধ্যে ঘোষণা কৰিছে। আৱেগিক ভাষণেৰে মুখ্যমন্ত্ৰীৰ পদবী এৰিবলৈ সাজু থকা বুলি উদ্ধৱ ঠাকৰেয়ে ঘোষণা কৰি মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ এৰাৰ পিছতেই ৰাজ্যখনৰ আইন শৃংখলাজনিত পৰিস্থিতি যিকোনো মুহূৰ্ততে অৱনতি ঘটাৰ সম্ভাৱনাই দেখা দিছে।

আনহাতে আজি শিৱসেনাৰ বিসম্বাদী বিধায়কসকলে গুৱাহাটীৰ ৰেডিচন ব্লু এৰাৰ সম্ভাৱনা আছিল যদিও এই ৰাজনৈতিক সমীকৰণৰ কোনো ফলাফল নোলোৱাত তেওঁলোকেও অনিশ্চয়তাত ভূগিছে। বিজেপিয়ে একনাথ সিন্দেলৈ উপ-মুখ্যমন্ত্ৰীৰ পদবী আগবঢ়াইছে যদিও এই প্ৰস্তাৱত এতিয়ালৈকে সহমত প্ৰকাশ কৰা নাই শিৱ সেনাৰ বিসম্বাদী নেতা গৰাকীয়ে। এনে পৰিস্থিতিত এতিয়াও মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দৃশ্যপট অনিশ্চিত হৈ ৰৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in