কোৰোনাত বিধ্বস্ত মহাৰাষ্ট্ৰ, সৰ্বদলীয় বৈঠকৰ অন্তত ৰাজ্যখনত ১৫ দিনৰ লক’ডাউনৰ সম্ভাৱনা…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত সম্পূৰ্ণ লক'ডাউন দিয়াৰ চিন্তা চৰ্চা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয় উদ্ধৱ থাকৰেয়ে। কোভিড-১৯ৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বিকল্প নাই বুলি অনুভৱ কৰিছে থাকৰেয়ে। সংবাদমাধ্যমৰ আগত এই ইংগিত প্ৰদান কৰি উদ্ধৱ থাকৰেয়ে অচিৰেই সকলোবোৰ দলৰ এখন বৈঠক অনুষ্ঠিত কৰাৰো চিন্তা চৰ্চা কৰিছে।

উল্লেখযোগ্য যে, কোভিড সংক্ৰমণৰ বাবে ৰাজ্যখনত সান্ধ্য আইন আৰু সাপ্তাহিক লক'ডাউন দিয়া হৈছে ইতিমধ্যে। ৰাজ্যখনত ইতিমধ্যে যথেষ্ট সংখ্যক কোৰোনা ভেকচিন প্ৰদান কৰাহৈছে যদিও কোৰোনাৰ দ্বিতীয় ঢৌত কেইবাসহস্ৰাধিক লোক কোভিডত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰত যিকোনো মুহূৰ্ততে সম্পূৰ্ণ লক'ডাউন ঘোষণা কৰাৰ সম্ভাৱনা আছে। কোভিডৰ এই সংক্ৰমণৰ পৰা হাত সাৰিবলৈ মহাৰাষ্ট্ৰত ১৫ দিনৰ সম্পূৰ্ণ লক'ডাউন ঘোষণা কৰাৰ সম্ভাৱনা আছে। সৰ্বদলীয় বৈঠকত লোৱা সিদ্ধান্তৰ পাছতেই যিকোনো মুহূৰ্ততে ৰাজ্যখনত সম্পূৰ্ণ লক'ডাউন ঘোষণা কৰা হ'ব পাৰে বুলি মহাৰাষ্ট্ৰৰ এক উচ্চস্তৰীয় সূত্ৰত প্ৰকাশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in