মহাৰাষ্ট্ৰত চৰকাৰ গঠনক লৈ সোমবাৰে শিৱসেনা-কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক

মহাৰাষ্ট্ৰত চৰকাৰ গঠনক লৈ সোমবাৰে শিৱসেনা-কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত চৰকাৰ গঠনক লৈ চলি থকা চিন্তা চৰ্চাৰ মাজতে কংগ্ৰেছ, এনচিপি আৰু শিৱসেনাৰ মিত্ৰতা প্ৰায় নিশ্চিত হৈছে। ইতিমধ্যে এই মিত্ৰতা সন্দৰ্ভত এনচপিৰ অধ্যক্ষ শৰদ পাৱাৰ আৰু কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধীৰ মাজত কেইবাবোৰ টেলিফোনিক আলোচনা হৈছে যদিও আনুষ্ঠানিকভাৱে অৱশ্যে মিত্ৰতা সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। অৱশ্যে দুই দলৰ মহাৰাষ্ট্ৰৰ নেতৃত্বই সেই ইংগিত দিয়েই শিৱসেনাৰ সৈতে বৈঠকত মিলিত হৈছে।

ইফালে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৃথ্বিৰাজ চৌহানে দেওবাৰে সংবাদ মাধ্যমৰ আগত কয় যে শিৱসেনা, কংগ্ৰেছ আৰু এনচিপি একত্ৰিত হোৱাক লৈ আলোচনা অব্যাহত আছে। সোমবাৰে সন্দৰ্ভত আলোচনাৰ বাবে শিৱসেনা আৰু কংগ্ৰেছৰ মাজত এক বৈঠক অনুষ্ঠিত হোৱাৰ কথা।
উল্লেখযোগ্য যে, ২৮৮ জনীয়া মহাৰাষ্ট্ৰৰ বিধানসভাত কোনো এটা দলেই অকলে সংখ্যা গৰিষ্ঠতা লাভ কৰা নাছিল। শিৱ সেনা আৰু বিজেপিয়ে মিলি চৰকাৰ গঠন কৰিব পৰাকৈ সংখ্যা গৰিষ্ঠতা লাভ কৰিলেও মুখ্যমন্ত্ৰী কেন্দ্ৰিক বাক বিতণ্ডাৰ বাবে দুই দলৰ মাজত মিত্ৰতা ভংগ হয়। আনকি কেন্দ্ৰীয় মন্ত্ৰীসভাত থকা শিৱসেনাৰ একমাত্ৰ প্ৰতিনিধি গৰাকীয়েও মন্ত্ৰিত্ব পদ এৰিছিল। তেনে পৰিস্থিতিত ৰাজ্যপালৰ পৰামৰ্শমৰ্মে বৰ্তমান ৰাষ্ট্ৰপতি শাসনৰ অধীনত আছে মহাৰাষ্ট্ৰ।

২০১৯ত অনুষ্ঠিত হোৱা মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০৫ খন, শিৱ সেনাই ৫৬ খন, কংগ্ৰেছে ৪৪ খন আৰু এনচিপিয়ে ৫৪ খন আসন লাভ কৰিছিল। ইয়াৰ উপৰিও মহাৰাষ্ট্ৰৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল ১৩জনকৈ নিৰ্দলীয় বিধায়ক। মুখ্যমন্ত্ৰী পদৰ বাবে শিৱসেনাই আগবঢ়োৱা ৫০-৫০ ফৰ্মুলা বিজেপিয়ে মানি নোলোৱাৰ পাছতেই ৰাজ্যখনত কংগ্ৰেছ আৰু এনচিপিয়ে মিলি চৰকাৰ গঠনৰ তৎপৰতা অব্যাহত আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in