কংগ্ৰেছ নেতৃত্বক উদ্দেশ্যি উদ্ধৱ থাকৰেৰ তীক্ষ্ণ মন্তব্যঃ মানুহে জোতাৰে মাৰিব…

কংগ্ৰেছ নেতৃত্বক উদ্দেশ্যি উদ্ধৱ থাকৰেৰ তীক্ষ্ণ মন্তব্যঃ মানুহে জোতাৰে মাৰিব…

কংগ্ৰেছ নেতৃত্বক উদ্দেশ্যি উদ্ধৱ থাকৰেৰ তীক্ষ্ণ মন্তব্যঃ মানুহে জোতাৰে মাৰিব…

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমনাত্মক হৈ উঠিছে শিৱসেনাৰ মুৰব্বী তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। কেইদিনমানৰ পূ্ৰ্বে মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতৃত্বই ৰাজ্যখনৰ পৌৰনিগমৰ নিৰ্বাচনত অকলেই নিৰ্বাচনত অৱতীৰ্ন হ'ব বুলি ঘোষণা কৰাৰ পাছতেই কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমনাত্মক হৈ পৰিছে শিৱসেনাৰ মুৰব্বীগৰাকী।

শিৱসেনাৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ নাম নোলোৱাকৈয়ে দলটোক উদ্দেশ্য কৰি কই, 'যদি আমি মানুহৰ সমস্যাৰ সমাধান নকৰি কেৱল ৰাজনীতিত অকলেই থকাৰ কথা কওঁ, তেনেহলে মানুহে আমাক জোতাৰে মাৰিব।'

নেতাগৰাকীয়ে কই, 'শিৱসেনা ক্ষমতাৰ বাবে লুভীয়া নহয়। আমি কোনো অপ্ৰয়োজনীয় বোজা ল'ব নিবিচাৰো। আমি সাধাৰণ মানুহৰ বাবে পদক্ষেপ গ্ৰহণ কৰিম। সেই লক্ষ্যত উপনীত হবলৈ আমি মিত্ৰজোঁটৰ অবিহনেও নিৰ্বাচনত যুঁজ দিব পাৰো। কিন্তু এই মুহূৰ্তত ৰাজনৈতিক দলসমূহে চিন্তা কৰিব লাগিব তেওঁলোকে ৰাজনৈতিক স্বাৰ্থত কাম কৰিব নে অৰ্থনৈতিক ক্ষেত্ৰতত সমাধান বিচাৰি আগবাঢ়ি আহিব।

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা ভাই জগতাপে মুম্বাই পৌৰ নিৰ্বাচনত অকলেই অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰাৰ পাছতেই ৰাজ্যখনৰ ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে।শিৱসেনাৰ নেতৃত্ব আক্ৰমনাত্মক হৈ পৰিছে কংগ্ৰেৰ বিৰুদ্ধে। কংগ্ৰেছক উচ্চাকাংখ্যা পৰিত্যাগ কৰি অৰ্থনৈতিক আৰু স্বাস্থ্যজনিত দিশটোকহে অধিক গুৰুত্ব দিবলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in