মোৰ পদত্যাগ পত্ৰ সাজু আছে – উদ্ধৱ ঠাকৰে

মোৰ পদত্যাগ পত্ৰ সাজু আছে – উদ্ধৱ ঠাকৰে

ডিজিটেল ডেস্কঃ যিকোনো মুহূৰ্তত মুখ্যমন্ত্ৰীৰ পদবী এৰিবলৈ সাজু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে। ৰাজনৈতিক সংকটৰ মাজতে ৰাজ্যবাসীক সম্বোধন কৰি এই কথা ক'লে ঠাকৰেয়ে। বিৰোধীয়ে অভিযোগ কৰাৰ দৰে হিন্দুত্বক কেতিয়াও বিসৰ্জন দিয়া নাই। তেওঁ কয়- হিন্দুত্ব আমাৰ আদৰ্শ আছিল আৰু সদায় থাকিব।

তেওঁ লগতে কয়- যিকোনো শিৱসেনাৰ নেতা-কৰ্মী মুখ্যমন্ত্ৰী হ'ব পাৰে। তাত তেওঁতকৈ সুখী আৰু আন কোনো নহ'ব। চৰকাৰ গঠনৰ বাবে যিমান সংখ্যক বিধায়কৰ প্ৰয়োজন, সেই বিধায়কৰ সংখ্যা কেনকৈ, কোনে আহৰণ কৰিছে সেয়াহে গুৰুত্বপূৰ্ণ।

তেওঁ লগতে কয় যে- তেওঁ মুখ্যমন্ত্ৰী ৰূপে সঠিক ভাৱে দায়িত্ব আৰু কৰ্তব্য পালন কৰি গৈছিল। কোনোবাই যদি মোক লৈ নাৰাজ আছিল তেনে মোক মুখামুখিকৈ ক'ব লাগিছিল। এনেকৈয়ে এক আৱেগিক ভাষণেৰে সম্বোধন কৰিলে উদ্ধৱ ঠাকৰেয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in