মহাৰাষ্ট্ৰত ৬১ ৰাষ্ট্ৰদূতৰ ডিঙিত অসমীয়াৰ গামোচা

মহাৰাষ্ট্ৰত ৬১ ৰাষ্ট্ৰদূতৰ ডিঙিত অসমীয়াৰ গামোচা

ডিজিটেল ডেস্কঃ মুম্বাইৰ পূব বেৰিভেলিত থকা সঞ্জয় গান্ধী ষ্টেডিয়ামত মহাৰাষ্ট্ৰ চৰকাৰৰ উদ্যোগত ২৫ নবেম্বৰৰ পৰা অনুষ্ঠিত হৈছে ৱৰ্ল্ড গ্ৰীণ কনভাৰজেন্স ২০১৮ শীৰ্ষক এক আন্তৰ্জাতিক পৰিৱেশ সুৰক্ষা সন্মিলন। বিশ্বৰ মেক্সিক', অষ্ট্ৰেলিয়া, জাৰ্জিয়া, কলম্বিয়া, উজবেকিস্তান, কংগোকে ধৰি ৬১খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে অংশ লয় এই সন্মিলনত।

এই ক্ষেত্ৰত অসমৰ বাবে সুখবৰ এয়ে যে, লংকাৰ পৰিৱেশ কৰ্মী ৰহমত আলি লস্কৰৰ প্ৰচেষ্টাত অসময়ীা ঐতিহ্য তথা স্বাভিমানৰ প্ৰতীক গামোচা আৰু সৰুদৈয়া জাপিৰে উক্ত ৬১গৰাকী ৰাষ্ট্ৰদূতকে ধৰি অনুষ্ঠানৰ অতিথি সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ মাধ্যমত গামোচা আৰু জাপিক আন্তঃৰাষ্ট্ৰীয় স্তৰত জনপ্ৰিয় কৰি তোলাৰ এক প্ৰয়াস চলোৱা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in