মহাৰাষ্ট্ৰৰ নৱগঠিত চৰকাৰক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানিত কি হ’ল…

মহাৰাষ্ট্ৰৰ নৱগঠিত চৰকাৰক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানিত কি হ’ল…

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত চৰকাৰৰ শপতগ্ৰহণৰ বিৰুদ্ধে শিৱসেনা-এন চি পি আৰু কংগ্ৰেছে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ দেওবাৰে পুৱা ১১.৩০ বজাত শুনানি গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন বি ৰমত্তা, ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ সঞ্জীৱ খত্তাৰ বিচাৰপীঠে সকলো পক্ষৰ আবেদন বিবেচনা কৰি এই বিষয়টোৰ সন্দৰ্ভত সোমবাৰে পুৱা ১০.৩০ বজাত পুনৰ শুনানি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে, শিৱসেনা-এন চি পি আৰু কংগ্ৰেছে আবেদনত দাবী কৰিছিল দেওবাৰেই শপত গ্ৰহণ কৰা চৰকাৰখনৰ সংখ্যাগৰিষ্ঠতা থকা বিধায়কসকলৰ নাম আদালতত ৰাজহুৱা কৰক। এই দাবীক ন্যয়ালয়ে খাৰিজ কৰে। ন্যায়ালৰ বিচাৰপীঠে
মহাৰাষ্ট্ৰৰ নতুনকৈ শপত লোৱা মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰক নটিছ প্ৰেৰণ কৰিছে যে, ৰাজ্যপালক প্ৰদান কৰা দস্তাৱেজ তেওঁলোকে সোমবাৰে আদালতত দাখিল কৰক।

উচ্চতম ন্যায়ালয়ৰ এই শুনানিতত শিৱসেনা-এন চি পি আৰু কংগ্ৰেছৰ লগতে বিজেপি আৰু নিৰ্দলীয় কেইবাজনো নেতা-বিধায়ক উপস্থিত আছিল। সোমবাৰৰ হ'বলগা পুনৰ শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ে সকলো দললৈ পত্ৰ প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in